মহাৰাষ্ট্ৰত সম্পূৰ্ণ ৫ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব উদ্ধৱ থাকৰে: সঞ্জয় ৰাউট

শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ ত্ৰিদলীয় মিত্ৰতালৈ সমৰ্থন আছে অজিত পাৱাৰৰ। সেয়েহে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা অজিত পাৱাৰে পদত্যাগ কৰা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্জয় ৰাউটে

0
882
Photo Credit: Lokmat.com
Photo Credit: Lokmat.com

মহাৰাষ্ট্ৰত সম্পূৰ্ণ ৫ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব উদ্ধৱ থাকৰে-এই মন্তব্য শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ ৷ শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ ত্ৰিদলীয় মিত্ৰতালৈ সমৰ্থন আছে অজিত পাৱাৰৰ। সেয়েহে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা অজিত পাৱাৰে পদত্যাগ কৰা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্জয় ৰাউটে ৷

ক্ৰমাৎ ৰহস্যৰ ঘন কুঁৱলীয়ে ছানি ধৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি ক্ষেত্ৰক। আস্থা ভোটলৈ এটা দিন বাকী থকা অৱস্থাত আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰে ৷ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাইলৈ সন্ধিয়া ৫ বজাত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব আস্থাভোট।