
শেহতীয়াকৈ মুক্তি পোৱা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ ব্যৱসায়কো চেৰ পেলাই অভিলেখৰ পিছত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যতীন বৰাৰ ছবি ৰত্নাকৰে। ১১ অক্টোবৰত মুক্তি পোৱা ছবিখনে আজি প্ৰথমটো সপ্তাহ সগৌৰৱে সমাপ্ত কৰি দ্বিতীয় সপ্তাহত ভৰি দিলে। ৰত্নাকৰে প্ৰথম সপ্তাহত মুঠ উপাৰ্জন কৰে ৩.৩১ কোটি টকা।
ইফালে অসমৰ বাহিৰতো ১২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় যতীন বৰা আৰু বৰষা ৰাণী বিষয়া অভিনীত ছবি ৰত্নাকৰে। আজিৰ পৰা সৰ্বমুঠ ১৯৯ টা দৰ্শনীৰে ৰত্নাকৰে আৰম্ভ কৰিছে দ্বিতীয়টো সপ্তাহ। ইতিমধ্যে দ্বিতীয় সপ্তাহতো প্ৰায় ছবিগৃহতে টিকট শেষ হৈছে।
জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ প্ৰথম সপ্তাহত বক্স অফিচত উপাৰ্জন আছিল ২.৮৯ কোটি টকা আৰু এই অভিলেখ ভংগ কৰিলে ৰত্নাকৰে।
প্ৰথম সপ্তাহত কাঞ্চনজংঘাৰ ব্যৱসায় আছিল- ৪০ + ৩৮.৫ + ৫৯.১ + ৩৯.৮ + ৪৪.৫ + ৩৫.৫ + ৩১.৪ = ২ কোটি ৮৯ লাখ
প্ৰথম সপ্তাহত ৰত্নাকৰৰ ব্যৱসায় হ’ল- ৪১ + ৪৯.৫ + ৫৫ + ৪৩ + ৪৫ + ৪২ + ৪৩.৫= ৩ কোটি ১৯ লাখ টকা