
ইতিহাস ৰচিবলৈ গৈ আছে শিৱসেনাই। মহাৰাষ্ট্ৰৰ ৰাজনীতিত ওতঃপ্ৰোতঃভাৱে জড়িত থাকিলেও দলটোৰ আজিলৈকে কোনো এজন নেতাই হোৱা নাছিল মুখ্যমন্ত্ৰী। পিছে এইবাৰ এই ধাৰা সলনি কৰি এক ইতিহাস ৰচিব উদ্ধৱ থাকৰেই। বৰ্তমানলৈ শপতগ্ৰহণ সম্পন্ন নহলেও সকলো এতিয়া শিৱসেনাৰ অধ্যক্ষ থাকৰেৰ হাতত।
এই খৱৰটোৰ পিছতে মহাৰাষ্ট্ৰৰ সমূহ জনতাৰ লগতে বলীউদৰ তাৰকাসকলেও নেতাগৰাকীক জনাইছে শুভেচ্ছা বাৰ্তা। তাৰ মাজতে বিশেষ চৰ্চালৈ আহিছে ৰাখি সাৱন্তৰ শুভেচ্ছা বাৰ্তাহে। বলীউডৰ আইটেম গাৰ্ল খ্যাত ৰাখী হেনো হ’বলগীয়া মুখ্যমন্ত্ৰীক লৈ বহুত ছটফটাই আছে।
নতুন চৰকাৰক লৈ ৰাখীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰিছে। য’ত ৰাখিয়ে উৎসাহিত হোৱাৰ লগতে, উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ কথাও জনায়। লগতে তেওঁ কয় যে থাকৰে মুখ্যমন্ত্ৰী হ’লে সমগ্ৰ মাৰাঠীসকলৰ বাবে এয়া সুখবৰ। তেওঁ বালাচাহেবৰ পুত্ৰ হয়, তেওঁৰ শৰীৰতো ৰাজনীতিৰ DNA আছে।