বিশাখাপট্টনমৰ পিছত ছত্তীশগড়ৰ পেপাৰ মিলত গেছ নিৰ্গত, ৭জন শ্ৰমিক হাস্পতালত ভৰ্তি

জানিবপৰা মতে, শ্ৰমিক কেইজনে পেপাৰ মিলৰ টেংক চাফা কৰি থকাৰ সময়তে লিক হয় গেছ। লগে লগে অসুস্থ হৈ পৰে শ্ৰমিক কেইজন

0
31

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত গেছ নিৰ্গত দুৰ্ঘটনাটোৰ পিছতে সকলোৰে মাজত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে দেশৰ আন এখন স্থানৰ পৰা অনুৰূপ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। এই ঘটনাত ৭জন শ্ৰমিক অসুস্থ হৈ পৰে। আটাইকেইজন শ্ৰমিককে হাস্পতালত ভৰ্তি কৰোৱা হয়।

ছত্তীশগড়ৰ ৰায়গডড জিলাৰ এটা পেপাৰ মিলত ভয়ংকৰ ঘটনা সংঘটিত হয়। পেপাৰ মিলৰ ক্ল’ৰিন গেছ পাইপ-লাইন বিস্ফোৰণ হয়। এই দুৰ্ঘটনাটোত ৭জন শ্ৰমিক অসুস্থ হৈ পৰে। আটাইকেইজন শ্ৰমিককে হাস্পতালত ভৰ্তি কৰোৱা হয়। শক্তি প্লাছ পেপাৰ্ছত সংঘটিত হয় এই ঘটনা।

পুছৰ থানাৰ তেতলাস্থিত পেপাৰ মিলত সংঘটিত এই ঘটনা। পাইপ লাইন ফাটি যোৱাৰ পিছত অসুস্থ হৈ পৰা শ্ৰমিককইজনক সঞ্জীৱনী নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়। আহত লোককেইজনক চাবলৈ কালেক্টৰ আৰু আৰক্ষী অধীক্ষক উপস্থিত হয় হাস্পতালত। দুৰ্ঘটনাটোত আহতে হোৱা ৩জন শ্ৰমিকৰ অৱস্থা যথেষ্ট সংকটজনক। আনহাতে ৩জন শ্ৰমিকক ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়।

জানিবপৰা মতে, শ্ৰমিক কেইজনে পেপাৰ মিলৰ টেংক চাফা কৰি থকাৰ সময়তে লিক হয় গেছ। লগে লগে অসুস্থ হৈ পৰে শ্ৰমিক কেইজন।

Photo Credit: CMO Chhattisgarh