
ডিঙিৰ এক আঘাতৰ বাবে বহুদিন ধৰি বেডমিণ্টন কৰ্টৰ পৰা আঁতৰত আছিল পৰিনিতী চোপ্ৰা। বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ পুণৰ উভতি আহি নতুন উদ্যমেৰে মনোনিৱেশ কৰিছে বেডমিণ্টন খেলত।
পিছে কোনো পেছাদাৰী খেলৰ বাবে নহয়, এখন বোলছবিৰ বাবেহে এইদৰে শৰীৰৰ ঘাম মাটিত পেলোৱা কষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
ভাৰতৰ অন্যতম বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ বায়পিকত অভিনয়ৰ বাবে এনেদৰে দেহে কেহে খাটি আছে মোহময়ী অভিনেত্ৰী পৰিনিতী চোপ্ৰাই । এই বিশেষ চৰিত্ৰটিৰ কাৰণেই প্ৰস্তুতি চলাই থাকোতে আঘাতপ্ৰাপ্ত হৈছিল পৰিনিতী।
ছাইনাৰ জীৱনভিত্তিক ছবিখনত কৰিবলগীয়া এটা ৪ ঘণ্টীয়া শ্বুটৰ বাবেই বহুখিনি কষ্ট কৰিবলগীয়া হৈছে পৰিনিতীয়ে। উল্লেখ্য যে, ‘চাউনা’ শীৰ্ষক এই বোলছবিখনৰ পৰিচালনা অমোল গুপ্তাৰ আৰু প্ৰযোজনা ভুষন কুমাৰ আৰু কৃষ্ণ কুমাৰৰ।