
শ্বাহীনবাগত অব্যাহত থকা প্ৰতিবাদৰ মাষ্টাৰমাইণ্ড আৰু প্ৰাক্তন JNU ছাত্ৰ শ্বাৰ্জিল ইমামৰ এক ভয়ংকৰ উচতনিমূলক মন্তব্য। মুছলমানৰ সংখ্যা ইমান অধিক যে তেওঁলোকে সমগ্ৰ উত্তৰ-পূবক ভাৰতৰ পৰা বাহিৰ কৰি দিব পাৰে। শ্বাহীনবাগত বিৰোধিতা প্ৰদৰ্শনত শ্বাৰ্জিল ইমামে ক’লে যে তেওঁৰ উদ্দেশ্য ভাৰতৰ পৰা অসম আৰু উত্তৰ-পূবক বিচ্ছিন্ন কৰা।
মুছলামনক উচতনি দি শ্বাৰ্জিল ইমামে কয় যে, ‘অসমত এতিয়া মুছলমান সংকটত। গতিকে ৰে’ল লাইন আৰু পথ ব্যাহত কৰি হ’লেও অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি মন্তব্য কৰে।
“ যদি আমি সকলো একত্ৰিত হও, তেন্তে আমি উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰিব পাৰিম। চিৰদিনৰ কাৰণে ন’হলেও এক- দুমাহৰ বাবে আমি এনেকুৱা কৰিব পাৰো। এইসমূহক বহিষ্কাৰ কৰিবলৈ প্ৰশাসনক প্ৰায় এমাহ সময় লাগিব। ইমামে ক’লে যে যেতিয়া ভাৰতে এনেকুৱা কৰিব তেতিয়া অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ দায়িত্ব, তেতিয়াহে কেন্দ্ৰীয় চৰকাৰে আমাৰ কথা শুনিব। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে অসমত এতিয়া মুছলমানসকলক উচ্ছেদ কৰা হৈছে। গতিকে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰি শাস্তি দিব লাগে।
শ্বাৰ্জিল ইমামৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে অসম চৰকাৰ আগবাঢ়িছে ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ। ‘শ্বাৰ্জিল ইমাম নামৰ এজন যুৱকে অসমক ভাৰতৰ পৰা পৃথক কৰিব লাগে বুলি মন্তব্য দিছে, এই মন্তব্য ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব।’- হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।