Breaking: লখিমপুৰত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ কুখ্যাত নকল সোণ ব্যৱসায়ী

আৰক্ষী অধীক্ষক শ্ৰী ৰাজৱীৰ সিঙৰ নেতৃত্বত ইতিমধ্যে বহু অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী

0
85

লখিমপুৰৰ নাওবৈছাত আৰক্ষীৰ অভিযানত নকল সোণৰ নাওসহ ধৃত কুখ্যাত নকল সোণ ব্যৱসায়ী। লখিমপুৰত জালনোট আৰু নকল সোণ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে। আৰক্ষী অধীক্ষক শ্ৰী ৰাজৱীৰ সিঙৰ নেতৃত্বত ইতিমধ্যে বহু অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

সোমবাৰে পুনৰ লখিমপুৰৰ নাওবৈচাৰ মহঘূলিত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ অভিযানত আতাবুৰ ৰহমান ওৰফে আতা নামৰ নকল সোণৰ ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা এখন নকল সোণৰ নাও জব্দ কৰে। লখিমপুৰৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজৱীৰ সিঙে জানিবলৈ দিয়া অনুসৰি এজন লোকক আচল সোণ বুলি কৈ নকল সোণৰ নাৱেৰে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Photo: Time8