ছাত্ৰ-ছাত্ৰীৰ আন্দোলন দমন কৰিবলৈ চেষ্টা নকৰিব; কাৰণ আপোনালোক ছাত্ৰ আন্দোলন কৰিয়ে মুখ্যমন্ত্ৰী, মন্ত্ৰী হৈছেঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুৱে গৃহমন্ত্ৰীক বিষয়টো সন্দৰ্ভত স্পষ্টকৈ বুজাই অহাৰ পিছতো পতিয়ন যোৱাকৈ বুজাব নোৱাৰা বুলি কেন্দ্ৰই কৈ আছে। গৃহমন্ত্ৰীক মুকলি যুক্তি তৰ্কলৈ open challenge কৰিছো

0
556
Photo : Time8
Photo : Time8

সংবাদমেলযোগে ১০ ডিচেম্বৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ আহ্বান আছুৰ। স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিবলৈ ৰাইজলৈ আছুৰ আহ্বান। পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ বন্ধৰ আহ্বান আছুৰ। একপক্ষীয়ভাৱে বিলখন জাপি দিব ওলাইছে বুলি অভিযোগ সংগঠনটোৰ। কেবৰ বিৰুদ্ধে আছুৱে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ৭,৮ ডিচেম্বৰত অসমৰ প্ৰতিখন গাঁৱত,প্ৰতিটো এলেকাত জোঁৰ লৈ সমদল। ১৩ ডিচেম্বৰত গুৱাহাটীত আছুৰ অনশন। ১৪ ডিচেম্বৰত গাঁৱে গাঁৱে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব আছুৱে।

সংবাদমেলত সমুজ্জল ভট্টাচাৰ্যই কয় অসম চুক্তিক উলংঘা কৰি একপক্ষীয়ভাৱে বিধেয়কখন জাপি দিবলৈ ওলাইছে। নিমাত অসম চৰকাৰ ,অগপও পাকে পাকে প্ৰকাৰন্তে উঠি পৰি লাগিছে বিধেয়কখন জাপি দিবলৈ। ৮৬০ গৰাকী শ্বহীদ হৈছিল,বহু পংগু হৈছিল,গুলিবিদ্ধ হৈছিল। ভোটবেংকৰ স্বাৰ্থত ৰাজনৈতিক নেতাই পাহৰিব পাৰে, আমি নোৱাৰোঁ। আছুৱে গৃহমন্ত্ৰীক বিষয়টো সন্দৰ্ভত স্পষ্টকৈ বুজাই অহাৰ পিছতো পতিয়ন যোৱাকৈ বুজাব নোৱাৰা বুলি কেন্দ্ৰই কৈ আছে। গৃহমন্ত্ৰীক মুকলি যুক্তি তৰ্কলৈ open challenge কৰিছো। সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন হোৱাত প্ৰথম প্ৰতিশ্ৰুতি আছিল বাংলাদেশী বহিস্কাৰ হ’ব,যাৰ বাবে ৮৫% জনগণে বিজেপিক গাদীত বহুৱাইছিল।

অন্যহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয়- সম্প্ৰতি ৰাজতন্ত্ৰ নে ফেচিবাদী ব্যৱস্থা চলি আছে? ছাত্ৰ সমাজৰ গণতান্ত্ৰিক আন্দোলনক বন্ধ নকৰিবলৈ চৰকাৰক আমি সকিয়াই দিছো।