সেই সুন্দৰ খবৰটো আনিছিল দিগন্ত দাই। দিগন্ত ওজা। সেই সময়ত আমাৰ বাৰ্তা সম্পাদক। লখিমপুৰত এজন ব্যক্তিয়ে ঘৰতে জৈৱিক চাহৰ খেতি কৰিছে। কেৱল সিমানেই নহয়, তেওঁৰ চাহ এতিয়া কানাডাকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানী হয়। সেই সময়ত অভাৱনীয় আছিল এই সফলতা। সাধাৰণভাৱে স্কুলৰ দেওনা গৰকা এজন ব্যক্তিয়ে যি কাম ঘৰৰ বাৰীখনতে কৰি দেখুৱাইছে সেয়া আছিল ভৱিষ্যৎ অসমৰ এক নতুন ধাৰাৰ শুভাৰম্ভণি। তেতিয়াও অসম বা ভাৰতত জৈৱিক কৃষিৰ ধাৰণাটোৱে বিশেষ গুৰুত্ব পোৱা নাছিল।
কবলৈ গ’লে অসম বা উত্তৰ-পূবেই নহয়, সমগ্ৰ দেশতে জৈৱিক ফাৰ্ম নাছিল। পৰম্পৰাগতভাৱে যিসকলে কৃষি কাৰ্য কৰিছিল তেওঁলোকেই আছিল প্ৰাকৃতিকভাৱে জৈৱিক খেতিয়ক। কিন্তু চাহ উদ্যোগত জৈৱিক কৃষি অকল্পনীয় আছিল। সেই সময়তে গোবিন হাজৰিকাই আৰম্ভ কৰিছিল জৈৱিক খেতি।
অৱশ্যে এয়া জৈৱিক চাহ কৰিম বুলি ভাবি কৰা কাম নাছিল। বিভিন্ন ঠাইত চাকৰি তথা সংস্থাপন বিচাৰি ব্যৰ্থ হোৱাৰ পিছত পৈত্ৰিক ভেটিটোলৈ উভতি আহিছিল চফল ডেকা গোবিন হাজৰিকা। ১৯৯৫ চন। হাতত কোনো মূলধন নাছিল। কিন্তু এক ডাঙৰ সপোন চকুত বান্ধি লৈ নিজৰ বাৰীখনতে চাহ পুলি ৰুবলৈ আৰম্ভ কৰিলে। সমস্যা আহিল তাৰ পিছতহে। খেতিত দিবলৈ সাৰ কিনাৰ ধন নাছিল। ঘৰৰ গোবৰ আৰু অন্যান্য পচন সামগ্ৰী ব্যৱহাৰ কৰি হাজৰিকাই লহপহীয়াকৈ বাগিচাখন গঢ়ি তুলিলে। সমস্যা আহিল কেইদিনমান পিছতহে। এক অচিন পোকে চাহ গছত আক্ৰমণ কৰিলে। এই অভিজ্ঞতাই গোবিন হাজৰিকাক শিকালে ৰাসায়নিক ঔষধৰ ভয়াৱহতা। সংকল্প ল’লে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাৰ। এনেকৈয়ে এদিন পচতীয়া, দতুৰা, আকণ আদিৰ ৰসেৰে জৈৱিক ঔষধ প্ৰস্তুত কৰি বাগিচাখনত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে।
প্ৰত্যাহ্বান আৰু আছিল। চাহৰ পাত তুলিব পৰা হ’ল। কিন্তু পাত বেচিবলৈ ফেক্টৰী নাছিল। ফলত নিজেই চাহপাত প্ৰস্তুতিৰ দুঃসাহস আৰম্ভ কৰিলে। বাৰে বাৰে বিফল হ’ল। কেতিয়াবা ভাজি, কেতিয়াবা ৰ’দত শুকুৱাই সুন্দৰ চাহ প্ৰস্তুতিৰ চেষ্টা অব্যাহত ৰাখিলে। এনেকৈয়ে এদিন তেওঁ নিজা পদ্ধতিৰে এক সুন্দৰ চাহ উত্পাদন কৰিলে। আৰম্ভ হ’ল চাইকেল লৈ ঘৰে ঘৰে চাহ বিক্ৰী কৰাৰ যাত্ৰা।
ইয়াৰ মাজতেই এদিন সৌভাগ্য আহিল গোবিন হাজৰিকাৰ জীৱনলৈ। বাগিচাখনৰ কামত সঘনে টোকোলাই গৱেষণা কেন্দ্ৰত যোগাযোগ কৰিছিল আৰু গৱেষণা কেন্দ্ৰৰ বিষয়াই তেওঁৰ বাগিচাখন কোনো ৰাসায়নিক সাৰ বা ঔষধ নিদিয়াকৈ গঢ়ি তোলাৰ কথা জানিছিল। কানাডাৰ পৰা ইতিমধ্যে অসম পাইছিলহি এটা প্ৰতিনিধিৰ দল। তেওঁলোকে সন্ধান কৰিছিল ৰাসায়নিক সাৰ, কীটনাশক নিদিয়া চাহ। সেই সময়ত এখনো জৈৱিক চাহ বাগান নাছিল অসমত। কিন্তু হাজৰিকাৰ বাগানখনো জৈৱিকে আছিল। কেৱল নাছিল স্বীকৃতি।

বিদেশী প্ৰতিনিধি দলটোৱে লখিমপুৰৰ মধুপুৰত উপস্থিত হৈ হাজৰিকাৰ পৰা চাহৰ চেম্পল সংগ্ৰহ কৰিলে। কিছু দিনৰ পিছত আহিল সুখবৰ। বিশুদ্ধ জৈৱিক। সেয়াই আৰম্ভণি। ইতিমধ্যে ৮ বিঘা মানৰ মাটিকালি সামৰি লৈ বাগিচাখনকে কেন্দ্ৰ কৰি জৈৱিক চাহৰ নানান পৰীক্ষা-নিৰীক্ষা চলালে গোবিন হাজৰিকাই। সফলো হ’ল। আজি তেওঁ এক ধাৰাৰ স্ৰষ্টা। দেশে-বিদেশে আদৰি লৈছে পিতৃ-মাতৃৰ নামেৰে মীন-মোহন চাহ বাগিচাৰ হাতে মোহৰা জৈৱিক চাহ। ভাবিলেই আচৰিত লাগে, কেনেকৈ নিজৰ অজ্ঞাতেই এক নতুন ধাৰাৰ জন্ম দিব পাৰে। আজি তেওঁ অসমৰ জৈৱিক চাহ ক্ষেত্ৰৰ এক প্ৰতিষ্ঠিত নাম। এক বিদেশৰ কোম্পানীয়ে তেওঁৰ ব্ৰেণ্ডৰ চাহৰ মাৰ্কেটিং কৰে।

বহল মনৰ মানুহ গোবিন হাজৰিকাই উপাৰ্জনৰ টকাকেইটাৰে সমাজ সেৱাও কৰে। কৰ্পৰেটৰ ভাষাত সেয়া চি এছ আৰ (কৰ্পৰেট ছচিয়েল ৰেচপনচিবিলিটী) বুলি কোৱা হয়। শেহতীয়াকৈ অসমত অৰ্গেনিক চাহৰ বহু স্বয়ম্ভু অভিভাৱক ওলাইছে। প্ৰচাৰৰ কায়দা-কৌশল শিকি তেওঁলোকে নাম আৰু ধনো আৰ্জন কৰিছে। কিন্তু গোবিন হাজৰিকাৰ সৈতে কোনেও ফেৰ মাৰিব পৰা নাই। চলিত বৰ্ষত এই যাত্ৰাই ২৫ বছৰত ভৰি দিলে। ৰূপালী জয়ন্তীত গোবিন হাজৰিকা, মীন-মোহন চাহ বাগিচা আৰু ইয়াৰ সৈতে জড়িত সকলো কৰ্মী-বিতাৰক, গ্ৰাহকলৈ ৰূপালী জয়ন্তীৰ অভিনন্দন জ্ঞাপন কৰিছো।
লেখক TIME8ৰ সম্পাদক | প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।
Photo credit: Gobin Hazarika (Facebook)
Trackback
Interesting post
ventolin canada
জৈৱিক চাহ-খেতিৰ বাটকটীয়া গোবিন হাজৰিকা
ciprofloxacin price without insurance
জৈৱিক চাহ-খেতিৰ বাটকটীয়া গোবিন হাজৰিকা