
আজি ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আছুৰ ‘জনতাৰ গৰ্জন’। সমবেত হৈছে লক্ষাধিক লোক। উপস্থিত থাকিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই,বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া, শিল্পী বিপিন চাউদাং,মানস ৰবীন,নীল আকাশকে ধৰি বহু বিশিষ্ট ব্যক্তি।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ বাসভৱনৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগৰ ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত ‘কা’ৰ বিৰুদ্ধে আছুৰ ‘জনতাৰ গৰ্জন’ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
Photo credit:@abdulrajjak