29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    CAB আগতকৈ অধিক ভয়ংকৰভাৱে আহিব অসমতঃ অখিল গগৈ

    ৩ডিচেম্বৰত গুৱাহাটী ক্লাৱত জোৰ সমদল বাহিৰ কৰিব আৰু দিছ্পুৰৰ লাষ্ট গেটত ৫ ডিচেম্বৰত CAB বিৰোধিতাৰে গণ ধৰ্ণা কায্যসূচী কৰিব

    গান্ধীবস্তিৰ কেন্দ্ৰীয় কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল । এই সংবাদমেল সম্বোধন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে । সংবাদমেল খনত সাংবাদিক সকলক উদ্দেশ্য কৰি CAB আগতকৈ অধিক ভয়ংকৰ ভাবে অসমত আহিব বুলি কয় নেতা গৰীকয়ে । দিল্লীত গৃহমন্ত্ৰীৰ সৈতে হৈ থকা আলোচনাক একো একোটা কেৱল ভেকোভাওঁনা বুলি উল্লেখ কৰে সংবাদমেল খনত ।

    ইনাৰ লাইন পাৰ্মিট সন্দৰ্ভতো কয় অখিল গগৈয়ে । ইনাৰ লাইন পাৰ্মিট আৰু ৬ অনুসূচীত এলেকাত CAB বহিৰ্ভূত হ’ব বুলি কোৱা নাই তেওঁ । যিহেতু ইনাৰ লাইন পাৰমিটৰ কথা কোৱা হৈছে সেই বিশেষ ঠাই সমূহত অসমৰ লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি আৰু তেতিয়া সেই বিশেষ এলেকাৰ মাটিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিব বহিৰাগতৰ পৰা ।

    হাগ্ৰামা মহিলাৰীৰ ওপৰতো ক্ষোভ উজাৰে অখিল গগৈয়ে । ৩৭০ নং অনুচ্ছেদ কাশ্মীৰত প্ৰয়োগ কৰি যি দৰে তাৰ জণগণক নিচ্ছুপ কৰি দিয়া হৈছিল তেনেদৰে একেই স্থিতি গ্ৰহণ কৰি CAB গৃহত কৰি দিলে কেইদিনমান পাছত অসমীয়াও নিচ্ছুপ হৈ যাব বুলি হাগ্ৰামা মহিলাৰীয়ে গৃহমন্ত্ৰীৰ আগত উপস্থাপন কৰিছিল । এই মন্তব্যৰ পাছতে হাগ্ৰামা মহিলাৰীও জনগণৰ নেতা হৈ থকা নাই, কেৱল নিজৰ ক্ষমতাৰ বাবেহে এই মন্তব্য কৰা বুলি কয় অখিল গগৈয়ে ।

    অগপৰ নেতা সকলেও বিবেক পাহৰি দিল্লীৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰা বুলি কয় কৃষক নেতা জনে । অসম চুক্তিৰ ৬ নং দফাইও সুৰক্ষা দিব নোৱাৰে অগপৰ কোনো এজন নেতাই ।

    কেবৰ বিৰুদ্ধেই আজি সন্ধিয়া ধেমাজিত জোৰ সমদল কায্যসূচীৰ কথা উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । তাৰোপৰি কাইলৈ, ৩ডিচেম্বৰত গুৱাহাটী ক্লাৱত জোৰ সমদল বাহিৰ কৰিব আৰু দিছ্পুৰৰ লাষ্ট গেটত ৫ ডিচেম্বৰত CAB বিৰোধিতাৰে গণ ধৰ্ণা কায্যসূচী কৰিব ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং