
পুৱাই বিদ্যালয়লৈ বুলি ওলাই আহিল কিন্তু বিদ্যালয়লৈ গৈহে নাপালে। মাজতে সোমালে সুৰাৰ ঘাটিত। তাৰ পিছত বিদ্যালয়লৈ আহিল কিন্তু সোমাব নোৱাৰিলে শ্ৰেণীকোঠাত কাৰণ সুৰাৰ নিচাতে বাগৰি পৰিল স্কুলৰ খেলপথাৰতে। প্ৰায় এঘণ্টা সময় খেলপথাৰতে শুই থকিল। কাৰণটো জানেই সুৰাৰ নিচা।
এই সুৰামত্ত প্ৰধান শিক্ষকৰ অধীনত আছে দুজনকৈ টেট শিক্ষক ৷ কিন্তু প্ৰধান শিক্ষকৰ কাণ্ড, ডিঙিলৈকে এটুপি খাই আহি বিদ্যালয়ৰ সন্মুখত এই দুৰৱস্থা ৷ বিদ্যালয়ৰ সন্মুখৰ ফিল্ডত মাতাল হৈ পৰি থাকিল বহু সময় ৷ অৱশেষত স্থানীয় ৰাইজে গাত পানী ঢালিহে উঠালে প্ৰধান শিক্ষকগৰাকীক ৷
স্থানীয় ৰাইজৰ অভিযোগৰ পিছত উক্ত স্থানত উপস্থিত হোৱা সাংবাদিকৰ কেমেৰাৰ আগত সুৰাৰ নিচাত শিক্ষকগৰাকীয়ে দুষাৰমান শুনালে অসমীয়া-ইংৰাজীৰ ভাষণ। ‘তেওঁ পঢ়ালে হেনো ইতিহাস হ’ব ৷’
উল্লেখ্য যে, বিগত ছয় বছৰৰো অধিক কাল প্ৰধান শিক্ষকগৰাকীয়ে প্ৰতিদিনে এনেদৰেই আহি আছে বিদ্যালয়লৈ ৷ সুৰাৰ নিচাত ৰাগীয়াল হৈ কোনোদিন শুই পৰে বিদ্যালয়তে ৷ কিন্তু বৰ্তমানলৈ শিক্ষা বিভাগে নাকী লগাব পৰা নাই প্ৰধান শিক্ষকগৰাকীক ৷ একপ্ৰকাৰ অতিষ্ঠ এতিয়া অভিভাৱক আৰু আন আন শিক্ষক-শিক্ষয়িত্ৰীসকল ৷
জয়ন্ত বৰা প্ৰতিবেদন