
তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ বিনয়পুৰত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ বিনয়পুৰ গাঁৱত প্ৰকাশ মণ্ডল নামৰ এজন লোকে কাঠৰ কুণ্ডাৰে মূৰ আৰু মুখত কোবাই কোবাই নৃশংসভাৱে হত্যা কৰে শাহু গৌৰী শীলক। পিছত পত্নী মাম্পি শীলকো বৰ্বৰভাৱে আক্ৰমণ কৰে। ঘৰুৱা কণ্ডলৰ ফলতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।
কুমাৰীকাটা আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী প্ৰকাশ মণ্ডলক। মৃত মহিলাগৰাকীক লগে লগে পৰিয়ালৰ লোকে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে লম্পট প্ৰকাশ মণ্ডলক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি কুমাৰীকাটা আৰক্ষী চকী ঘেৰাও কৰে।
স্থানীয় একাংশ লোক আৰু মৃত মহিলাগৰাকীৰ পুত্ৰই জানিবলৈ দিয়া মতে পূৰ্বেও মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰিছিল শাহু গৃহত।