19 C
Guwahati
Wednesday, December 1, 2021
More

    বিয়াৰ পিছতে মৃত্যু হ’ল দৰাৰ, পিছতহে পোহৰলৈ আহিল আচল কথা, কইনাৰ দেহত ধৰা পৰিল…

    কভিডৰ বাবে দৈনিক নানা অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন লোক। আন কথা বাদেই বিয়াৰ পূৰ্বেও দৰা-কইনাই কৰ’ণা পৰীক্ষা কৰিবলগীয়া পৰিস্থিতি আহিছে বৰ্তমান সময়ত। এনে সময়তে পোহৰলৈ অহা এটা ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    উত্তৰ প্ৰদেশত বিয়াৰ কেইদিনমান পিছতে প্ৰাণ হেৰুৱালে এগৰাকী দৰাই। মৃত্যুৰ পিছত কভিড পৰীক্ষা কৰাৰ অন্তত পোহৰলৈ আহিলে প্ৰকৃততে কভিড পজিটিভ হৈ আছিল তেওঁ। কিন্তু পৰীক্ষা নকৰাৰ বাবেই এই কথা পোহৰলৈ নাহে।

    দৰাৰ মৃত্যুৰ পিছত কৰ’ণা ভাইৰাছ ধৰা পৰাত পৰীক্ষা কৰাত আন ৯ গৰাকী লোকৰ দেহতো ধৰা পৰিছে কভিড। কৰ’ণা ধৰা পৰাসকলৰ ভিতৰত কইনাও আছে। উক্ত স্থানৰ মুখ্য চিকিৎসা বিষয়া ডাঃ নীতা কুলশ্ৰেষ্ঠই সদৰি কৰা অনুসৰি, ”বিয়াৰ পিছতে তওঁ (দৰা) অসুস্থ হৈ পৰিছিল। আৰু ৪ ডিচেম্বৰত মৃত্যু হয়।”

    লগতে চিকিৎসা বিষয়াগৰাকীয়ে কয় যে, দৰাই বিয়াৰ পূৰ্বে কৰ’ণা পৰীক্ষা কৰা নাছিল। যাৰ বাবে তেওঁৰ কৰ’ণাৰ বাবে মৃত্যু হোৱা বুলি নিশ্চিতভাৱে কব নোৱাৰি।

    ইফালে এই ঘটনাৰ পিছতে দৰাৰ গাঁৱত চিকিৎসা শিৱিৰৰ আয়োজন কৰা হৈছে। সকলো লোকৰে কৰ’ণা পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং