22 C
Guwahati
Saturday, December 4, 2021
More

    বিবাহৰ মাত্ৰ ২০দিন পিছতে নৱবিবাহিত পত্নীৰ ৰহস্যজনক মৃত্যু, স্বামীৰ আছিল পূৰ্বৰ পত্নীৰ লগতে সন্তানো

    বিবাহৰ মাত্ৰ ২০দিন পিছতে নৱবিবাহিত পত্নীৰ ৰহস্যজনক মৃত্যু, স্বামীৰ আছিল পূৰ্বৰ পত্নীৰ লগতে সন্তানো

    বিবাহৰ মাত্ৰ ২০দিন পিছতে নৱবিবাহিত পত্নীৰ ৰহস্যজনক মৃত্যু, স্বামীৰ আছিল পূৰ্বৰ পত্নীৰ লগতে সন্তানো। তাকো নৱবিবাহিতা পত্নীয়ো আছিল গৰ্ভৱতী। সন্তানে সৈতে মৃত্যু মুখত পৰে ন-কইনা।

    এগৰাকী বিবাহিত লম্পট যুৱকৰ অমানবীয় কাণ্ডই তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি ওদালগুৰি জিলাৰ টংলা চহৰত। পূৰ্বৰ পত্নী আৰু গাভৰু কণ্যা থকাৰ পিছতো আন এগৰাকী ৩০ বছৰীয়া যুৱতীক প্ৰেমৰ সম্পৰ্কৰে পলুৱাই নি বিয়া পতাৰ অভিযোগ উত্থাপিত হৈছে।

    পিছে পলুৱাই নিয়াৰ ২০ দিন পিছতে যুৱতীগৰাকী ৰহস্য জনক ভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সন্তানসহ মৃত্যু হোৱা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে।

    উল্লেখযোগ্য যে, কলাইগাঁও থানাৰ অন্তৰ্গত টোকনকাটা গাঁও নিবাসী গনেশ তালুকদাৰ নামৰ লোকজনে পত্নী,সন্তান সহ টংলা চহৰত ভাড়া ঘৰত বাস কৰি আছিল।

    দালাল প্ৰকৃতিৰ তালুকদাৰে বিগত সময়চোৱাত টংলা চহৰৰে এগৰাকী অভিজাত ঘৰৰ যুৱতীৰ প্ৰেমত হাবু-ডুবু খায়। যি প্ৰেমৰ সম্পৰ্কৰ পৰিণতেত গৰ্ভৱতীয়ো হৈছিল সেই প্ৰেমিকা। যি ঘটনাক লৈ তালুকদাৰ আৰু পত্নীৰ মাজত প্ৰায়ে কাজিয়া আৰু তীব্ৰ মনোমানিল‍্যৰ সৃষ্টি হৈছিল।

    ইয়াৰ পিছতে পত্নী আৰু যুৱতীগৰাকীৰ পৰিয়ালক এক প্ৰকাৰৰ প্ৰত‍্যাহবান জনাই গনেশ তালুকদাৰে ঘটনাৰ মাত্ৰ ২০টা দিন পূৰ্বে যুৱতী গৰাকীক পলুৱাই লৈ যায়।

    কিন্তু তালুকদাৰে যুৱতী গৰাকীক পলুৱাই নিয়াৰ পিছতে কোনো স্বাস্থ্যজনিত কাৰণত যোৱা বৃহস্পতি বাৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ ভৰ্তি কৰাইছিল যুৱতী গৰাকীক। পিছে সুস্থ হোৱাৰ সলনি অৱশেষত চিকিৎসাধীন অৱস্থাতে সেই দিনাই যুৱতী গৰাকী সন্তানসহ মৃত্যু মুখত পৰে।

    এই ঘটনাৰ পিছতে লম্পট তালুকদাৰে আত্মগোপন কৰে। আনহাতে ঘটনাৰ বিষয়ে জনাৰ পিছতে ন্যায় বিচাৰি দেওবাৰে নাৰী অধিকাৰ সুৰক্ষা সমিতি অসমে লম্পট গনেশ তালুকদাৰৰ কঠোৰ শাস্তি বিচাৰি টংলা থানাত এজাহাৰ দাখিল কৰে।

    উল্লেখযোগ্য যে,গনেশ তালুকদাৰে যুৱতীগৰাকীক পলুৱাই নিয়াৰ পিছতে পৰিয়ালৰ লোকেও যোৱা ২৯ ছেপ্টেম্বৰ’ত টংলা থানাত লিখিত আকাৰে অভিযোগ দাখিল কৰিছিল।

    আৰু পঢ়ক : ভৱিষ্যতে অসমীয়া ভাষা থাকিবনে ? অসমীয়া ভাষা মচি তাৰ ঠাইত- ‘বাংলা লিখুন’…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং