অতিকে কৰুণ- কালি বিয়া হৈছিলহে, আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ ধনঞ্জয়

0
110

যোৱাকালি যুগ্মজীৱনৰ পাতনি আৰু আজি জীৱনৰ সামৰণি। এক অতিকে কৰুণ ঘটনা পোহৰলৈ আহিছে, কালি বিয়া হৈছিলহে, আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ ধনঞ্জয় নামৰ এজন যুৱক।

তামুলপুৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা । তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত বলপূৰ্বক ভাৱে বিয়া পাতি দিয়াৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত ললে এগৰাকী যুৱকে ।

নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ ধনঞ্জয় দাস নামৰ যুৱক জনক যোৱাকালি কেইজন মান লোকে কৰ্মস্থলীৰ পৰা বলপূৰ্বক ভাৱে টানি আজুৰি আনি একে গাঁৱৰে ৰিয়া দাস নামৰ এগৰাকী যুৱতী সৈতে বিয়া পাতি দিয়ে ।

উল্লেখযোগ্য যে ধনঞ্জয়ে পূৰ্বতে ৰিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰিছিল যদিও ৰিয়াৰ বহুজনৰ লগত প্ৰেমৰ সম্পৰ্ক থকা গম পায় আঁতৰি আহিছিল ৰিয়াৰ পৰা ।

ধনঞ্জয়ৰ পৰিয়ালৰ অভিযোগ অনুসৰি ৰিয়া দাসে পূৰ্বতে তিনিবাৰকৈ বিবাহপাশতো আৱদ্ধ হৈছিল । সেয়ে কালি ৰিয়া আৰু ধনঞ্জয়ৰ বিবাহৰ শেষত ধনঞ্জয়ে ৰিয়াক পত্নী হিচাপে স্বীকাৰ কৰিব নোৱাৰে।

লগতে গাঁৱৰ মানুহে কৰা এনে কাণ্ডত মানসিকভাৱে ভাগি পৰে। আৰু নিশাৰ ভাগতে বাসগৃহৰ পিছফালে আত্মহত্যা কৰে ।

ৰাতিপুৱা স্থানীয় ৰাইজে ধনঞ্জয়ক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে । সম্প্ৰতি আৰক্ষীয়ে ধনঞ্জয়ৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে ।

পাছে কাৰ ভূলৰ বাবে এজন যুৱকৰ প্ৰাণ গ’ল । কোন সঁচা, কোন মিছা , ধনঞ্জয়ৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হবনে ?

Input and Photo- Abhijit Talukdar