26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গাৰ পৰা মাহ হালধি গোন্ধ আতৰাই নাছিল, চিপ লৈ আত্মহত্যা কইনাৰ, ছুইচাইট নোটত লিখি থৈ গ’ল সকলো

    গাৰ পৰা মাহ হালধি গোন্ধ আতৰাই নাছিল, চিপ লৈ আত্মহত্যা কইনাৰ, ছুইচাইট নোটত লিখি থৈ গ’ল সকলো

    গাৰ পৰা মাহ হালধি গোন্ধ আতৰাই নাছিল, চিপ লৈ আত্মহত্যা কইনাৰ, ছুইচাইট নোটত লিখি থৈ গ’ল সকলো। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। স্বামীৰ পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা এগৰাকী বোৱাৰীৰ।

    নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাঙত এই অঘটন । স্বামীৰ পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি অৱশেষত এগৰাকী বোৱাৰীয়ে বাছি ললে আত্মহত্যাৰ পথ । বিগত এমাহ ধৰি দোৰপাং বৰলাপাৰ গাঁৱৰ মাতৃ গৃহত থকা কৰবী ভূঞা নামৰ মহিলা এগৰাকীয়ে আজি পুৱা ১০-৩০ বজাত চিপ লৈ আত্মহত্যা কৰে ।

    জানিব পৰা মতে যোৱা মাঘ মাহত নাৰায়ণপুৰৰ সমীপৰ শিঙীয়া গাঁৱৰ লীলা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বৰলাপাৰ গাঁৱৰ ললিত ভূঞাৰ কন্যা কৰবী ভূঞাৰ । বিয়াৰ পিছতে মায়াময় সংসাৰত ঘূনে ধৰিলে । দিন বাঢ়ি যোৱাৰ লগে লগে দুয়োৰে মাজত সংঘাট বৃদ্ধি পাবলৈ ধৰিলে ।

    পৰণতিত বিয়াৰ ৫ মাহৰ পিছতে কৰবীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল । এগৰাকী বোৱাৰীয়ে এনেদৰে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    পিছে এতিয়া আত্মহত্যাৰ টোকাত কি লিখিছে আৰু আৰক্ষীয়ে ইয়াৰ ওপৰত কি ব্যৱস্থা লয়, সেয়া সময়তহে পৰিলক্ষিত হব। আত্মহত্যা টোকা সন্দৰ্ভত আৰক্ষীয়ে কোনো কথা সদৰি কৰা নাই।

    Input and Photo – Bitopan Phukan

    আৰু পঢ়ক : এণ্টিভাইৰাছ ছফ্টৱেৰ কোম্পানীৰ প্ৰতিষ্ঠাপক জন মেকএফিৰ জেইলত মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং