অসমীয়াৰ হাতত প্ৰাণ পাইছে আজি মুকলি হোৱা তিনিওখন ফুট ব্ৰীজ, অসমীয়াই পাইছে প্ৰাধান্য

0
304
অসমীয়াৰ হাতত প্ৰাণ পাইছে আজি মুকলি হোৱা তিনিওখন ফুট ব্ৰীজ, অসমীয়াই পাইছে প্ৰাধান্য

অসমীয়াৰ হাতত প্ৰাণ পাইছে আজি মুকলি হোৱা তিনিওখন ফুট ব্ৰীজ । বহিৰাগতই এইবাৰ পোৱা নাই এইবাৰ স্থান। এই কাম কৰা তিনিজন থলুৱা অসমীয়া হৈছে অনুপম কাকতি, অনিল দাস আৰু কিশোৰ বৰা।

ইয়াৰ পূৰ্বে মুকলি কৰা দুখনো অসমৰৰ লোক। বিকে জৈন আৰু ললিত জৈন । বাহিৰৰ পৰা কোনো লোকে অহা নাই। সকলো অসমৰ অসমীয়াই কৰিছে এই কাম। আজিৰ তিনিখন সৈতে মুঠ ৫ খন ফুট অভাপ ব্ৰীজ মুকলি গুৱাহাটীত। পিছলৈ আৰু তিনিখন মুকলি কৰিব বুলি জনাই গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পৰৱৰ্তী তিনিখন হব শুক্ৰেশ্বৰ, আদাবাৰী আৰু বৰিপৰা। কিন্তু সেই তিনিখনৰ সময়ত আজিৰ দৰে আৰু কোনো আনুষ্ঠানিকতা কৰা নহয়। সেয়ে আজিৰ সভাতেই একেলগেই আনুষ্ঠানিক ভাৱে মুকলি হল বুলি জনাই থয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কামাখ্যাৰ ফুট ব্ৰীজখনৰ জৰিয়তে কামাখ্যা দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থী সকলৰ বাবে সহায় কৰিব লগতে অম্বুবাচীৰ সময়ত হোৱা তীব্ৰ যান হ্ৰাস পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে আজিৰ অনুষ্ঠানত এই বুলিও কয় যে, গুৱাহাটী মহানগৰীৰ দুৱাৰদলি হিচাপে দুখন ফুট ব্ৰীজ থাকিব। এখন আজি মুকলি কৰা খানাপাৰাৰ ফুটব্ৰীড আৰু আনখন আদাবাৰীত মুকলি হব লগৈ ব্ৰীজ খন। সেইবাবে সেইকেইখন কিছু পৃথক ভাবে সজোৱা হৈছে বুলি মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।

ফুট অভাৰ ব্ৰীজৰ ১০০মিটাৰ আশে পাশে গাড়ী ৰখাই থব নোৱাৰে বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আৰু পঢ়ক : কাইলৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ২০০ খেলপথাৰৰ আৰু ছুইমিং পুল