মেলাসদৃশ পৰিৱেশ সুৰাৰ বিপণীত, অৰবিন্দ কেজৰিৱালে ক’লে- ‘ছীল কৰি দিয়া হ’ব’

যদি কোনো দোকানত সামাজিক দূৰত্ব বজাই ৰখা নহয় তেন্তে সেই দোকান বন্ধ কৰি দিয়া হ'ব। সংবাদমেলযোগে এই কথা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

0
42

কৰ’ণা ভাইৰাছ মহামাৰীৰ সন্ত্ৰাস দেশ আৰু বিশ্বত অব্যাহত। বিশ্বজুৰি কৰ’ণাৰ ফলত বৰ্তমানলৈ ২.৪৫ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। ভাৰতত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪২ হাজাৰতকৈও অধিক আৰু ইয়াৰে ১,৩৭৩জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে ১১, ৭০৭জন লোক সুস্থ হৈ উঠিছে।

বিপণীৰ স্বত্ত্বাধিকাৰীসকলে দায়িত্ব গ্ৰহণ কৰিব লাগিব। যদি কোনো দোকানত সামাজিক দূৰত্ব বজাই ৰখা নহয় তেন্তে সেই দোকান বন্ধ কৰি দিয়া হ’ব। সংবাদমেলযোগে এই কথা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

এইটো দুৰ্ভাগ্যজনক কথা যে আজি কেইবাখনো দোকানত যথেষ্ট ভিৰ দেখা গৈছে। সামাজিক দূৰত্ব আৰু অন্য নিয়মসমূহ উলংঘন কৰাৰ বিষয়ে আমি খবৰ পাও তেন্তে সেই সম্পূৰ্ণ এলেকাটোৱে ছীল কৰি দিব লাগিব আৰু দোকানসমূহ নুখুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

তামিলনাডুত আজি কৰ’ণাৰ ৫২৭টা নতুন ঘটনা পোহৰলৈ আহে। ৰাজ্যখনত মুঠ ৩৫৫০জন লোক আক্ৰান্ত হৈছে। এই কথা সদৰি কৰিলে তামিলনাডুৰ স্বাস্থ্য বিভাগে। সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় অন্যথা কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা। এই কথা জনালে স্বাস্থ্য মন্ত্ৰালয়ে।

Photo credit: www.businesstoday.in