CAA বিৰোধিতাৰে জামিয়া শিক্ষাৰ্থীৰ প্ৰতিবাদ, মণ্ডী হাউছৰ সমীপত ১৪৪ ধাৰা

আনহাতে সংসদ মাৰ্গ বন্ধ কৰি দিয়া হৈছে। মণ্ডী হাউছত একত্ৰিত হৈছে প্ৰতিবাদকাৰী

0
36

মঙলবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত প্ৰতিবাদ। জামিয়া সমন্বয় কমিটীৰ ছাত্ৰ-ছাত্ৰীসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ আৱাসলৈ ওলাই প্ৰতিবাদ। দিল্লীৰ মণ্ডী হাউছৰ পৰা আৰম্ভ হ’ব প্ৰতিবাদ।

ইফালে তীব্ৰ প্ৰতিবাদৰ বাবে দিল্লীৰ মণ্ডী হাউছৰ এলেকাত জাৰি কৰা হৈছে ১৪৪ ধাৰা আৰু আৰক্ষীৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে। আনহাতে সংসদ মাৰ্গ বন্ধ কৰি দিয়া হৈছে। মণ্ডী হাউছত একত্ৰিত হৈছে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীসকলৰ হাতত আৰু সংবিধানৰ প্ৰতি আৰু বাবা চাহেব আম্বেদকাৰৰ ফটো। প্ৰতিবাদত অংশগ্ৰহণ কৰিছে দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল বিশ্ববিদ্যালয়ৰ ছাত্ৰই।

আৰক্ষীয়ে জনোৱা অনুসৰি মণ্ডী হাউছ এলেকাত জাৰি কৰা হৈছে ১৪৪ ধাৰা কিন্তু প্ৰতিবাদকাৰীসকলে কোৱা অনুসৰি তেওঁলোকক প্ৰতিবাদী সমদল উলিওৱাত অনুমতি লাভ কৰিছিল। NRC আৰু CAAৰ বিৰোধিতা কৰাসকলে ২৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় বিৰোধ দিৱস পালন কৰাৰ আৱেদন জনাইছিল।

Photo credit: dnaindia.com