We want justice for professor BK Rai- এই ধ্বনিৰে উত্তাল IIT গুৱাহাটী

প্ৰথমে মৌন সমদল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু সমদলটো মৌন হৈ নাথাকিল৷ একেলগে সকলো শিক্ষাৰ্থীয়ে আকাশ বতাহ কঁপাই চিঞৰি উঠিল- ‘We want justice for professor BK Rai.’

0
386
Photo Credit: The Lallontop
Photo Credit: The Lallontop

IIT গুৱাহাটীত ছাত্ৰই উলিয়াইছে এক বিশাল সমদল৷ সাধাৰণতে IIT ৰ শিক্ষাৰ্থীয়ে কোনো ধৰণৰ আন্দোলন বা সমদলত ভাগ লোৱাৰ কথা শুনিবলৈ পোৱা নাযায়৷ কিন্তু এইবাৰ সমদলেৰে IIT গুৱাহাটীয়ে ব্যতিক্ৰমী পদক্ষেপ দাঙি ধৰিলে৷ উল্লেখ্য যে IIT গুৱাহাটীৰ শিক্ষাৰ্থীয়ে ১৭ নৱেম্বৰত এক সমদল বাহিৰ কৰে৷ প্ৰথমে মৌন সমদল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু সমদলটো মৌন হৈ নাথাকিল৷ একেলগে সকলো শিক্ষাৰ্থীয়ে আকাশ বতাহ কঁপাই চিঞৰি উঠিল- ‘We want justice for professor BK Rai.’

Photo Credit: The Lallontop

কোন এই প্ৰফেচৰ বিকে ৰায়? যাৰ বাবে ওলাই আহিছে IITৰ সমূহ ছাত্ৰ-ছাত্ৰী! প্ৰতিগৰাকী শিক্ষাৰ্থীৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ অধ্যাপক বিকে ৰায়ে IITত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সঘনাই মাত মাতি আহিছিল৷ তেওঁ IIT গুৱাহাটীৰ electronics and electrical engineering বিভাগৰ সহকাৰী অধ্যাপক৷ তেওঁৰ সম্পূৰ্ণ নাম ব্ৰিজেশ কুমাৰ ৰায়৷ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে যুঁজি অহা বিকে ৰায়ক ইয়াৰ পৰিণাম হিচাপে IIT গুৱাহাটীৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ শিক্ষকগৰাকীৰ ন্যায় বিচাৰি ওলাই অহা IIT গুৱাহাটীৰ শিক্ষাৰ্থীৰ সমদল এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷