
পৃথিৱীত হৈ থকা জলবায়ু পৰিৱৰ্তনৰ বাবে অতি সোনকালেই নিঃশেষ হৈ যাব এই পৃথিৱী। কিছু লোক এই বিষয়ে সজাগ হ’লেও এতিয়াও এনে কিছু লোক আছে যাৰ এই বিষয়টোৰ ওপৰত জ্ঞান তথা সময়ৰ অভাৱ। সেয়ে ২৯ নৱেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে অনুষ্ঠিত হৈ যায় ‘ভৱিষ্যতৰ বাবে এটি শুক্ৰবাৰ’ নামেৰে এক অভিনৱ আন্দোলন তথা ধৰ্মঘট।
এই উদ্দেশ্যে শুক্ৰবাৰৰ দিনটোত বিশ্বৰ ২০০খনৰো অধিক দেশৰ প্ৰায় ৬ নিযুত লোকে এই আন্দোলনত অংশগ্ৰহণ কৰে। গুৱাহাটীতো প্ৰায় ৫০০জন মান ব্যক্তিয়ে এই কাৰ্যত অংশ লয় আৰু নিজৰ নিজৰ ঐক্যমত দাঙি ধৰে।

উল্লেখ্য যে ভৱিষ্যতৰ পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত সমগ্ৰ বিশ্বক উদ্দেশ্য কৰি গ্ৰেটা থুনবাৰ্গে সাহসেৰে যি বক্তৃতা আগবঢ়াইছিল তাৰেই অণুপ্ৰেৰণাতে এই ‘ভৱিষ্যতৰ বাবে এটি শুক্ৰবাৰ’ নামেৰে আন্দোলনৰ কাৰ্যসূচী কৰে। বিশ্বত হৈ থকা জলবায়ুৰ পৰিৱৰ্তন দেখিও নেতাসকলে কিয় এতিয়াও অনুধাৱন কৰিব পৰা নাই ইয়াৰ ভৱিষ্যতৰ ভয়াবহ দৃশ্য তাৰ ওপৰতো মত প্ৰকাশ কৰে সচেতন মহলে।

গুৱাহাটীৰ পাৰিপাৰ্শ্বিক অঞ্চল সমূহ, যি পূৰ্বতে একো একোখন সুন্দৰ পৰিষ্কাৰ ঠাই আছিল এতিয়া সেই সকলো জাৱৰ পেলোৱা ঠাইলৈ পৰিণত। সকলোতকৈ ভয়াৱহ ছবিখন ফুটি ওলাইছে দীপৰ বিলত। আজিৰ পৰা কিছু বছৰ আগতে হেজাৰ হেজাৰ পৰিভ্ৰমী চৰাইৰ বিচৰণথলী হোৱা দীপৰ বিলত এতিয়া নাম গোন্ধই নাই এটাও পক্ষীৰ। বিলখনৰ নিকটৱৰ্তী ঠাই সমূহৰ সকলো জাৱৰ এই বিলখনতে পৰাত এতিয়া মৎস্য কুললৈও অশনি সংকেত নামি আহিছে।

সেয়ে আজিৰ মানুহক এই সকলো বিলাকৰ বাবে সজাগ কৰিবলৈ প্ৰতি শুক্ৰবাৰে কিছু লোক ৰাজপথলৈ ওলাই আহে। প্ৰকৃতিৰ বেশেৰে হাতে হাতে প্লেকাৰ্ড লৈ মৌন ভাৱে ভাগ লয় এই আন্দোলনত।