হলীউডৰ জনপ্ৰিয় অস্কাৰ বিজেতা অভিনেতা টম হেক্স আৰু তেওঁৰ পত্নী ৰীতা উইলচন আক্ৰান্ত কৰ’ণা ভাইৰাছত

টম হেক্স আৰু ৰীতা উইলচন এখন চিনেমাৰ শ্বুটিঙৰ বাবে অষ্ট্ৰেলিয়াত আছিল। সেই সময়তে দুয়ো জ্বৰত আক্ৰান্ত হৈছিল।

0
42

চৌদিশে এতিয়া কৰ’ণা ভাইৰাছৰ আতংক। ইয়াৰ মাজতে আহিছে এক দুঃখবৰ। হলীউডৰ জনপ্ৰিয় অভিনেতা তথা অস্কাৰ বঁটা বিজেতা টম হেক্সৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। অভিনেতাগৰাকীৰ পত্নী ৰীতা উইলচনো আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। এই দুসংবাদ টম হেক্সে টুইটাৰত নিজে সদৰী কৰিছে। খবৰটো পোৱা মাত্ৰেকই শোক তথা অস্থিৰতাত ভাঙি পৰিছে তেওঁৰ অনুৰাগীসকল। সকলোৱে প্ৰিয় অভিনেতাগৰাকী তথা তেওঁৰ পত্নীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছে।

টম হেক্স আৰু ৰীতা উইলচন এখন চিনেমাৰ শ্বুটিঙৰ বাবে অষ্ট্ৰেলিয়াত আছিল। সেই সময়তে দুয়ো জ্বৰত আক্ৰান্ত হৈছিল। চিকিৎসকৰ পৰামৰ্শত দুয়ো শৰীৰ পৰীক্ষা কৰোৱাত কৰ’ণা ভাইৰাছৰ বীজাণু ধৰা পৰে। উল্লেখ্য যে অষ্ট্ৰেলিয়াত বৰ্তমানলৈকে ১৩৬জন লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে আৰু ইয়াৰে ৩ জন পৰিছে মৃত্যুমুখত।

হলীউডৰ ‘ফৰেষ্ট গাম্পছ’ নামৰ চিনেমাখনত টম হেক্সে এক উল্লেখযোগ্য চৰিত্ৰ ৰূপায়ন কৰি সকলোৰে হৃদয় জয় কৰিছিল। বৰ্তমান বলীউডত সেই চিনেমাখনৰ ৰিমেক কৰিছে আমিৰ খানে। চিনেমাখনৰ নাম ৰাখিছে ‘লাল সিং ছাড্ডা।’ য’ত আমিৰ খানৰ বিপৰীতে দেখা যাব কৰীণা কাপুৰক।