
কৌন বনেগা কৌড়ৰপতিৰ জালত ৰূপহীহাটৰ এগৰাকী মহিলা। ২৫ লাখ পাবলৈ গৈ হেৰুৱালে ১২হাজাৰ।
সহজেই ধন লাভ কৰাৰ সপোন দেখা ৰূপহীহাটৰ এগৰাকী মহিলাৰ পৰা কৌশলেৰে দুৰ্বৃত্তই সৰকাই নিলে ১২ হাজাৰ টকা। ৰূপহীহাটৰ তেলিয়াচাপৰি টুপগাঁৱৰ চামচুল হকৰ পত্নী আনোৱাৰা বেগমলৈ আহিছিল কৌন বনেগা কৌড়ৰপতিৰ পৰা এটা ফোনকল।

প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনে আঁত ধৰি অহা অনুষ্ঠানটোৰ পৰা ফোন কৰা বুলি কৈ মহিলাগৰাকীক ১২হাজাৰ টকা জমা দিলে ২৫লাখ টকা দিয়া হ’ব বুলি জনোৱাৰ লগতে মহিলা গৰাকীলৈ প্ৰেৰণ কৰে বিভিন্ন ধৰণৰ ফটো। আনকি ভুৱা প্ৰতিষ্ঠানটোৱে মহিলাগৰাকীৰ ফটো সংগ্ৰহ কৰি আয়কৰ বিভাগ মুম্বাইৰ এটা পেজত মহিলাগৰাকীৰ নাম ফটো আৰু পাবলগা ২৫লাখ টকাৰ অন্তৰ্ভুক্ত হোৱা এখন পত্ৰও প্ৰেৰণ কৰে।

সহজলভ্য ধনৰ আশাত স্বামী চামচুলক খাটনি ধৰাত উপায়ন্তৰ হৈ চামচুলে আনৰ পৰা টকা ধাৰ কৰি প্ৰতিষ্ঠানটোৱে দিয়া একাউন্ট নম্বৰত ধন প্ৰেৰণ কৰে।কিন্তু ধন লাভ কৰাৰ পিছৰে পৰা ভুৱা চক্ৰটোৱে ফোন নধৰাত এতিয়া মূৰে কপালে হাত দিছে পৰিয়ালটোৱে।অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া কেনেদৰে ধাৰ পৰিষোধ কৰিব তাকে লৈ চিন্তাত পৰিছে।
Photo Credit:@muksidulhoque