
পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সপ্তম ষাণ্মাসিকৰ মেধাৱী ছাত্ৰ লক্ষ্যজিৎ গগৈৰ ডিঙিত চীপ লৈ আত্মহত্যা।
বিশ্ববিদ্যালয় খনৰ সমীপতে থকা বৰুৱা উপাধিৰ এটা ব্যক্তিগত হোষ্টেলৰ আবাসী আছিল ছাত্ৰজন। হোষ্টেলৰ চিলিং ফেনত চীপ লৈ আত্মহত্যা কৰে ধেমাজিৰ লক্ষ্যজিৎ গগৈয়ে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।
চলিত বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এয়া দ্বিতীয়টো আত্মহত্যা ঘটনা। কেইমাহমান পূৰ্বেও অনুৰূপধৰণে বিশ্ববিদ্যালয়খনৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে বাছি লৈছিল আত্মহত্যাৰ পথ। ইতিমধ্যে আৰক্ষীয়ে লক্ষ্যজিৎ গগৈৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।