মোৰেই কপাল বেয়া,মই বিধায়ক হোৱাৰ পিছতেই বন্ধ হ’ল কাগজ কলঃ নিজাম উদ্দিন চৌধুৰী

পাঁচগ্রাম কাকত কলৰ কর্মচাৰীসকলৰ সন্তানৰ দুখ দেখি নিজৰ কপালক দোষ দিছে বিধায়কগৰাকীয়ে

0
80

‘মোৰ কপাল বেয়া,মই বিধায়ক হোৱাৰ পিছতেই বন্ধ হৈ গ’ল পাঁচগ্রাম কাগজ কল’-এই মন্তব্য বৰাকৰ বিধায়ক আলগাপুৰ সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ। পাঁচগ্রাম কাগজ কলৰ কর্মচাৰীসকলৰ সন্তানৰ দুখ দেখি নিজৰ কপালক দোষ দিছে বিধায়কগৰাকীয়ে।

তেওঁৰ মতে,নৰেন্দ্র মোদীয়ে ব্যৱস্থা নোলোৱাৰ কাৰণেই আজি এনে কষ্ট ভূগিবলগীয়া হৈছে কাছাৰ কাগজ কলৰ কর্মীসকলৰ ল’ৰা-ছোৱালীয়ে। ৰাজ্য চৰকাৰ আৰু নৰেন্দ্র মোদীক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো একো নকৰিলেও সাংসদ বদৰুদ্দিন আজমলে কিবা এটা কৰিব বুলি আশাবাদী নিজাম উদ্দিন চৌধুৰী।

Input and Photo: Rahatul Aktar Barbhuiya, Hailakandi