এসপ্তাহে এটি কণমানিক ধৰ্ষণ কৰা লম্পট আৰক্ষীৰ জালত

ঘৰত বনকৰা হিছাপে থকা ১১ বছৰীয়া এক নাবালিকা শিশু কণ্যাক হুকুম ছিং টেৰণে একেলেথাৰিয়ে ১৭ নৱেন্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ধৰ্ষণ কৰি আহিছিল

0
1977

পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এগৰাকী নাবালিকা কণ্যা শিশুক এসপ্তাহে ধৰ্ষণ কৰাৰ দৰে এক জঘণ্য কাণ্ড পোহৰলৈ আহিছে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ডিফু থানা এলেকাৰ লাংমিলি গাঁৱৰ প্ৰয়াত বিদ্যাছিং টেৰণৰ পুত্ৰ হুকুম ছিং টেৰণৰ ঘৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

ঘৰত বনকৰা হিছাপে থকা ১১ বছৰীয়া এক নাবালিকা শিশু কণ্যাক হুকুম ছিং টেৰণে একেলেথাৰিয়ে ১৭ নৱেন্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ধৰ্ষণ কৰি আহিছিল ৷ দাবী ধমকিৰে শিশুটিৰ ওপৰত হৈ থকা এই নিৰ্যাতনৰ কথাও গাপ দি থৈছিল পাষণ্ডটোৱে। পিছে অৱশেষত শিশুটিয়ে নিৰ্যাতন সহিব নোৱাৰি সকলো কথা বিৱৰি কয় হুকুমছিঙৰ ঘৰতেই বনকৰা হিচাপে থকা বায়েকক ৷

বায়েকে প্ৰকৃত ঘটনা জানিব পাৰি চুবুৰীয়াক কোৱাত সমগ্ৰ অঞ্চলজুৰি বনজুইৰ দৰে বিয়পি পৰে এই জঘন্য কাণ্ডৰ কথা। এই সন্দৰ্ভত দোষীক উচিত আইনৰ ধাৰাত উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাই জিলাখনৰ অগ্ৰণী মহিলা সংগঠন কেএনচিএ ই ডিফু থানাত এক এজাহাৰো দাখিল কৰে ৷

কেএনচিএৰ এজাহাৰৰ ভিত্তিতেই ডিফু থানাই ধৰ্ষণৰ অভিযুক্ত হুকুমছিং টেৰণক গ্ৰেপ্তাৰ কৰি ডিফু থানাত ৩১৪/২০১৯ নম্বৰত এক গোচৰো ৰুজু কৰিছে। শিশু নিৰ্যাতন আইনৰ অধীনত আৰক্ষীয়ে ইতিমধ্যে ৩৭৬ ধাৰা আৰু আৰ ডব্লিউ ধাৰা পকচ’ ৬ (২০১২) আইনৰ অধীনত তদন্তও আৰম্ভ কৰিছে ৷

ডিফুৰ পৰা Nobojyoti Rajbongshiৰ প্ৰতিবেদন।