লোকসভাত গৃহীত হ’ল CAB

বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায় শিৱসেনা আৰু জেডিইউয়ে। ইয়াৰ পিছতে মঙলবাৰে পুৱা ১১বজালৈ লোকসভাৰ সকলো কাৰ্যসূচী স্থগিত কৰা হয়

0
758
অশিক্ষিত লোক সকল দেশৰ বাবে বোজা স্বৰূপ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
ফাইল ফটো

লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ৰ সমৰ্থনত ভোটদান কৰে ৩১১ জন সাংসদে।বিধেয়কখনৰ বিপক্ষে ভোটদান ৮০ জন সাংসদৰ।

নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত বিৰোধীয়ে কৰিলে বিৰোধিতা আৰু বিলখন উত্থাপন হোৱাৰ বাবে কৰিলে ভোটিং। ভোট সমাপন হোৱাৰ পিছত সকলো বিধায়ক নিজা নিজা মন্তব্য দাঙি ধৰে কেব সন্দৰ্ভত। শেষত অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত গৃহীত হয় কেব।

যথেষ্ট হুলস্থুলৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিলখন উত্থাপন হোৱাৰ লগে লগে কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে কেইবাটাও অভিযোগ। কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰীয়ে এই বিলখন সংখ্যালঘূসকলৰ বিৰুদ্ধে বুলি আখ্যা দিয়ে। প্ৰায় ১ ঘণ্টালৈ এই সন্দৰ্ভত তীব্ৰ মতানৈক্য হয় যে বিধেয়কখন সদনত উত্থাপন কৰিব পাৰি নে নোৱাৰি। পিছত এই বিধেয়কখন উত্থাপন কৰাৰ প্ৰক্ৰিয়াক ভোটিং কৰা হ’ল।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধয়কখন উত্থাপন কৰাৰ পিছতে ৰাজপথৰ পৰা সংসদলৈ বিৰোধিতা কৰিলে বিলখনৰ। কংগ্ৰেছ, TMCসহ বহুকেইটা সংগঠনে কৰিলে বিৰোধিতা। বিজেপিয়ে নিজৰ প্ৰতিগৰাকী সাংসদৰ বাবে জাৰি কৰিলে হুইপ। বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায় শিৱসেনা আৰু জেডিইউয়ে। ইয়াৰ পিছতে মঙলবাৰে পুৱা ১১বজালৈ লোকসভাৰ সকলো কাৰ্যসূচী স্থগিত কৰা হয়।