
‘কা’ বিৰোধী সংগ্ৰাম প্ৰতিনিয়ত চলাই গৈছে জুবিন গাৰ্গে। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে শেহতীয়াকৈ ফেচবুকত দিয়া এটা পোষ্ট ভাইৰেল হৈ পৰিছে। কা বিৰোধী আন্দোলনত সকলোকে ভাগ লবলৈ আহ্বান জনাই জুবিন গাৰ্গে লিখিছে- ”কা’ বাতিলৰ দাবীত আমাৰ আন্দোলন চলি আছে৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অহা ৯ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাৰ পৰা গুৱাহাটী ৰ’টাৰীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সমুখত “ৰণশিঙা” নামৰ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে ৷ অসমৰ জনগোষ্ঠীয় সংগঠনসমূহ, শিল্পী সমাজেও তাত যোগদান কৰিব ৷ সকলোলৈ আহ্বান, নিজৰ ঘৰত থকা যিকোনো থলুৱা বাদ্য হাতত লৈ আপোনালোক ওলাই আহক ৷ ৰাইজৰ সমূহীয়া নিনাদেৰে অসম বিৰোধী প্ৰতিজনৰ নিদ্ৰাহৰণ কৰিবলৈ আপোনালোক ওলাই আহক৷”
জয় আই অসম।