ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত অগ্নিকাণ্ড; এটি চাৰিদিনীয়া নৱজাত শিশুৰ মৃত্যু

0
44

বুধবাৰে গুজৰাটৰ বানাস্কান্থা জিলাৰ শিহোৰী চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এটি নৱজাত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুটি শিশু গুৰুতৰভাৱে আহত হয়। স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰে।

খণ্ড স্বাস্থ্য বিষয়া ব্ৰজেশ ব্যাসে জানিব দিয়া অনুসৰি, অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছিল।

আনহাতে উপ-আৰক্ষী অধীক্ষক ডি টি গোহিলে জনোৱা মতে, পুৱা বানাস্কান্থা জিলাৰ শিহোৰী চহৰৰ চিকিৎসালয়খনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ধোঁৱাই আৱৰি ধৰে আই চি ইউ ৱাৰ্ড। এই ৱাৰ্ডতে ভৰ্তি হৈ আছিল তিনিওটি শিশু।

কিন্তু ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ এটি চাৰিদিনীয়া নৱজাত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুটা শিশুক চিকিৎসালয়ৰ কৰ্মচাৰীৰ তৎপৰাত আৰক্ষীয়ে উদ্ধাৰ কৰে।

আঘাতপ্ৰাপ্ত শিশু দুটিক ওচৰৰে আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুয়োটি শিশুৰ অৱস্থা বৰ্তমান সুস্থিৰ।

আৰক্ষী বিষয়া গোহিলে জনোৱা অনুসৰি, এই মৃত্যুৰ ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।