চাঞ্চল্যকৰ ঘটনা ! চিকিৎসালয়ৰ শৌচাগাৰতে সন্তান জন্ম দি পলায়ন মাতৃৰ

0
1
প্ৰতিনিধিত্বমূলক ছবি

চাঞ্চল্যকৰ ঘটনা ! চিকিৎসালয়ৰ শৌচাগাৰতে সন্তান জন্ম দি পলায়ন মাতৃৰ

মধ্য প্ৰদেশৰ টিকমগড় জিলা চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। দৰাচলতে এগৰাকী গৰ্ভৱতী মহিলা প্ৰসৱৰ বাবে জিলা চিকিৎসালয় খনত উপস্থিত হৈছিল। তেওঁৰ লগত আন এগৰাকী মহিলাও আছিল।

কিন্তু গৰ্ভৱতী মহিলাগৰাকী কিছু সময়ৰ বাবে শৌচাগাৰলৈ গৈছিল আৰু তাৰ কিছু সময়ৰ পিছত মহিলাগৰাকী চিকিৎসালয়খনৰ পৰা নোহোৱা হৈ পৰে ।পিছত চিকিৎসালয় খনৰ কৰ্মচাৰীসকলে শৌচাগাৰৰ পৰা এটা কেঁচুৱাটোৰ কান্দোন শুনিছিল।

শব্দটো শুনি কৰ্মচাৰীসকল ততাতৈয়াকৈ চিকিৎসালয়ৰ শৌচালয়লৈ গৈ দেখে যে তাত এটা নৱজাতকে কান্দি আছিল। কৰ্মচাৰীসকলে লগে লগে শিশুটিক নি এছএনচিইউ ৱাৰ্ডত ভৰ্তি কৰে।তাৰ পিছত কৰ্মচাৰীসকলে নৱজাতক শিশুটিৰ মাতৃক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীক বিচাৰি পোৱা নগ’ল।

কৰ্মচাৰী সকলে পিছত চিচিটিভি ফুটেজ স্কেন কৰাত দেখে যে প্ৰসৱৰ পিছতে মহিলাগৰাকী পলাই গৈছিল। আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত শিশুটোৰ মাতৃক বিচাৰি আছে। অৱশ্যে শিশুটো বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ।

চিকিৎসকে জানিবলৈ দিয়া মতে গৰ্ভৱতী মহিলাগৰাকীয়ে পেটৰ বিষৰ অভিযোগ কৰি আন এগৰাকী মহিলাৰ সৈতে পৰীক্ষাৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছিল।পিছত চিকিৎসকে মহিলাগৰাকীক পৰীক্ষা কৰিবলৈ প্ৰসূতি ৱাৰ্ডলৈ লৈ গৈছিল।

চিকিৎসকে তেওঁক বহিবলৈ কৈছিল, কিন্তু মহিলাগৰাকী তাৰ পৰা শৌচাগাৰলৈ গৈছিল। তেওঁৰ লগত যোৱা মহিলাগৰাকীয়েও তেওঁক অনুসৰণ কৰিছিল। যেতিয়া চিকিৎসক জন ঘূৰি আহিছিল, তেতিয়া মহিলাগৰাকীয়ে শিশুটোক শৌচাগাৰতে জন্ম দি চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল।