এক শিহৰণকাৰী ঘটনা ! চিকিৎসালয়ৰ শৌচালয়ৰ ডাষ্টবিনত পেলোৱা নৱজাতকৰ মৃতদেহ খালে কুকুৰে

0
2333

এক শিহৰণকাৰী ঘটনা ! চিকিৎসালয়ৰ শৌচালয়ৰ ডাষ্টবিনত পেলোৱা নৱজাতকৰ মৃতদেহ খালে কুকুৰে

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ পৰা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। য’ত মহিলা চিকিৎসালয়ৰ শৌচালয়ৰ ডাষ্টবিনৰ ভিতৰত এটি নৱজাতকৰ মৃতদেহ পোৱা গৈছে। আচৰিত কথাটো হ’ল এটা কুকুৰে মৃতদেহটো মুখত লৈ ঘূৰি ফুৰিছিল ।

আৰক্ষীয়ে দিয়া তথ্য মতে সোমবাৰে জিলাখনৰ মহিলা চিকিৎসালয়ত দুটা মৃত শিশুৰ জন্ম হৈছিল। প্ৰথমটো আবেলি ২.৫০ বজাত আৰু দ্বিতীয়টো নিশা ৯ বজাত জন্ম হৈছিল । চিকিৎসালয়ৰ কতৃপক্ষই দাবী কৰিছে যে পৰিয়ালটোৱে মৃতদেহ দুটা লৈ গুচি গৈছিল।

কিন্তু এই মৃত নৱজাতকটো ক’ৰ পৰা আহিছিল তাক লৈ সকলোৱে আচৰিত হৈছে। দৰাচলতে চিকিৎসালয়ত উপস্থিত লোকসকলে সেইদিনা দেখিছিলে যে এটা কুকুৰে মুখত শৌচালয়ৰ ডাষ্টবিনত পেলাই দিয়া নৱজাতকৰ মৃতদেহটো লৈ ওলাই আহিছিল। তেওঁলোকে কুকুৰটোক লক্ষ্য কৰি চিঞৰ বাখৰ কৰে।

লগে লগে তেওংলোকে কুকুৰটোক ঘেৰি ধৰিলে। কুকুৰটোৱে ভয়তে নৱজাতকৰ মৃত শৰীৰটো তাতে এৰি পলাই গৈছিল।চিকিৎসালয় খনৰ কৰ্মী সকলে লগে লগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনাটোক লৈ আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে কোনো ধৰণৰ শুং সূত্ৰ উলিয়াব পৰা নাই।