Breaking: বলীউড অভিনেতা ইৰফান খানৰ দেহাৱসান

বহু সময় ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল

0
146

বলীউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ শেষ নিশ্বাস ত্যাগ। বহু সময় ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন। ২০১৮ চনৰ পৰা অসুস্থ হৈ আছিল যশস্বী অভিনেতা ইৰফান খান। মুম্বাই কোকিলাবেন হাস্পতালত কৰুণ মৃত্যুক সাৱটি লয় বলীউডৰ অভিনেতাজনে। মঙলবাৰে ICUত ভৰ্তি কৰোৱা হৈছিল ইৰফান খানক। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।

‘ছালাম বোম্বে’ ছবিৰে অভিনয় জগতত খোজ দিছিল ইৰফান খানে। কেৰিয়াৰত কেইবাখনো উল্লেখযোগ্য চিনেমাত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল। হলীউডৰ ছবি ‘লাইফ অফ পাই’, ‘জুৰাছিক ৱল্ড’, ‘দ্যা এমেজিং স্পাইডাৰ মেন’, ‘ইনফাৰন’ত অভিনয় কৰি হলীউডতো জনপ্ৰিয় হৈ পৰিছিল। ২০১১ চনত ইৰফান খানে লাভ কৰিছিল পদ্মশ্ৰী বঁটা। অভিনেতাজনৰ জনপ্ৰিয় হিন্দী ছবিসমূহ হ’ল ক্ৰমে- ‘পিকু’, ‘লাঞ্চ বস্ক’, ‘হাছিল’, ‘মকবুল’, ‘লাইফ ইন মেট্ৰ’, ‘পান সিং টোমৰ’, ‘হাইদৰ’, ‘গুণ্ডে’, ‘টলভাৰ’, ‘হিন্দী মিডিয়াম’ আদি। তেওঁৰ অন্তিমখন চলচ্চিত্ৰ আছিল ‘ইংৰাজী মিডিয়াম’। ইংৰাজী মিডিয়াম ৰিলিজ হোৱাৰ পূৰ্বে লক ডাউনৰ ঘোষণা কৰা হ’ল যাৰ ফলত ছবিখন বক্স অফিচত ওফৰি পৰিল কিন্তু অনলাইনত এই ছবিখনে বিশেষ সমাদৰ লাভ কৰিলে।

ইৰফান খানৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল যাৰ বাবে তেওঁক হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল। ইৰফান খানৰ মৃত্যুৰ খবৰ প্ৰথমে জনাইছিল চলচ্চিত্ৰ নিৰ্মাতা ছুজিত সৰকাৰে। তেওঁ টুইটাৰযোগে বলীউড অভিনেতাজনৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা জনাই।

২৫ এপ্ৰিলতে ইৰফান খানৰ মাতৃ ছইদা বেগমৰ মৃত্যু হৈছিল। কিন্তু লকডাউনৰ বাবে তেওঁ মাতৃৰ অন্তিম সংস্কাৰতো অংশ ল’ব নোৱাৰিলে। ইৰফান খানে ভিডিঅ’ কনফাৰেঞ্চিংযোগে মাতৃৰ অন্তিম দৰ্শন কৰিছিল।

২০১৮ত ইৰফান খানে নিজে তেওঁৰ ৰোগৰ বিষয়ে জনাইছিল। তেওঁ অনুৰাগীৰ সৈতে দুখজনক কথা শ্বেয়াৰ কৰিছিল। ইৰাফান খানে টুইটাৰত লিখিছিল, ”অপ্রত্যাশিত কিছুমান কথাই আগবঢ়াই লৈ যায়, বিগত কিছু দিন ধৰি মোৰ সৈতে এইবিলাকে হৈ আছে, মই গম পাইছে যে মোৰ এণ্ড’ক্ৰাইন টিউমাৰ আছে। ইয়াৰ সৈতে মুখামুখি হোৱাটো বহুত কঠিন। কিন্তু মোৰ আশে-পাশে থকা লোকসকলৰ যি মৰম আছে তাৰ পৰা মই আশাবাদী। ইয়াৰ বাবে মই দেশৰ বাহিৰলৈ যাব লাগিব।