বিজেপিৰ ৪০তম বৰ্ষপূৰ্তিত দলৰ কৰ্মীসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে যে কৰ'ণা মহামাৰীৰ সৈতে যুঁজ দিবলৈ ভাৰতে বৰ্তমানলৈ যি প্ৰচেষ্টা চলাই আছে সেয়া বিশ্বৰ সন্মুখত এটা উদাহৰণ হিচাপে প্ৰতিফলিত হৈছে

0
25

সোমবাৰ অৰ্থাৎ ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীৰ ৪০তম বৰ্ষপূৰ্তি পালন। বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ কৰ্মীসকলক সম্বোধন কৰে। কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ক’লে যে কৰ’ণা মহামাৰীৰ সৈতে যুঁজ দিবলৈ ভাৰতে বৰ্তমানলৈ যি প্ৰচেষ্টা চলাই আছে সেয়া বিশ্বৰ সন্মুখত এটা উদাহৰণ হিচাপে প্ৰতিফলিত হৈছে।

বিশ্বৰ সেই দেশসমূহৰ ভিতৰত ভাৰত এখন এনেকুৱা দেশ যিয়ে কৰ’ণা ভাইৰাছক ভালদৰে বুজি পাইছে আৰু তাৰ বিৰুদ্ধে যুদ্ধৰ আৰম্ভণি কৰিছে। ভাৰতে এটাৰ পিছত আনটো সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তসমূহ পালন কৰিবলৈ চেষ্টা চলাইছে।

শ্ৰদ্ধাৰ শ্যাম প্ৰসাদ মুৰ্খাজী, পণ্ডিত দীন দয়াল উপাধ্যায় জী, অটল বিহাৰী বাজপেয়ীজীৰ দৰে অগণিত ব্যক্তিত্বই দেশ প্ৰথমৰ আদৰ্শ দিছিলে। আজিও আমাৰ মাজত বহুকেইজন এনে ব্যক্তিত্বৰ লোক আছে, যিসকলে এই মন্ত্ৰ লৈ দশকজুৰি জীৱন নিৰ্বাহ কৰিলে আৰু আমাক শিক্ষা প্ৰদান কৰিছে।

আমাৰ দলৰ বৰ্ষপূৰ্তি এতিয়া এইটো সন্ধিক্ষণলৈ আহিছে, যিসময়ত কেৱল দেশে নহয়, সমগ্ৰ বিশ্বই এক কঠিন সময়েৰে পাৰ কৰি আছে। প্ৰত্যাহ্বানেৰে পূৰ এই পৰিৱেশ দেশৰ সেৱাৰ বাবে, আমাৰ সংস্কাৰ, আমাৰ সমৰ্পণ, আমাৰ প্ৰতিশ্ৰুতিক প্ৰশস্ত কৰিছে।

Photo credit: financialexpress.com