বেংক দেউলীয়া হ’লেও চৰকাৰে দিব ৫ লাখ, বাজেটত বৃদ্ধি বীমা গেৰাণ্টী

পূৰ্বে জমাধনৰ বীমা আছিল ১ লাখ টকা

0
52

PMC বেংক কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে বেংকসমূহত গ্ৰাহকৰ জমাধনৰ ভৱিষ্যতক লৈ যথেষ্ট তৰ্ক-বিতৰ্ক চলিছে। এই তৰ্ক-বিতৰ্কৰ মাজতে সাধাৰণ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ডাঙৰ সকাহ দিছে সাধাৰণ জনতাক। দৰাচলতে, বেংক একাউণ্টত জমাধনৰ ইঞ্চুৰেঞ্চৰ গেৰাণ্টীৰ সীমা বৃদ্ধি কৰি দিয়া হৈছে।

ইয়াৰ অৰ্থ হ’ল –

যদি কোনো এটা বেংক দেউলীয়া হয় তেন্তে সেই বেংকটোৰ গ্ৰাহকসকলক সর্বাধিক ১ লাখ টকা প্ৰদান কৰে চৰকাৰে। কিন্তু এতিয়াৰে সলনি হ’ব এই নিয়ম। সাধাৰণ বাজেটত ঘোষণাৰ পিছতে এতিয়াৰে পৰা বেংকসমূহত জমা ধনত ইঞ্চুৰেঞ্চৰ গেৰাণ্টী পাব ৫ লাখ টকা। বাজেটত এইটো কথা উল্লেখ কৰা হৈছে যে বেংকত টকা জমা দিয়া গ্ৰাহকৰ টকা সুৰক্ষিত হৈ থাকিবলৈ এটা সুন্দৰ পদ্ধতি গ্ৰহণ কৰিব।

দীৰ্ঘদিন ধৰি কৰা হৈছিল বীমা বৃদ্ধি কৰাৰ দাবী, কাৰণ বৰ্তমান সময়ত ১ লাখ টকা কোনো মোটা ধনৰাশি নহয় আৰু প্ৰায়ভাগ লোকেই ধন সুৰক্ষিত কৰি ৰখাৰ বাবে বেংকতে জমা কৰি ৰাখে ধন।

Photo credit: newsdig.in