BREAKING: হায়দৰাবাদত কৰুণ মৃত্যুক সাৱটিলে মাজুলীৰ যুৱকে

এটা কোম্পানীত নিৰাপত্তীৰক্ষী হিচাপে কৰ্মৰত আছিল মৃত বাবু দাস

0
796
Photo credit: Time8

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু। মাজুলী যোগী কৈৱৰ্ত গাঁৱৰ ২১ বছৰীয়া বাবু দাস নামৰ যুৱকজনে ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল হায়দৰাবাদলৈ। এটা কোম্পানীত নিৰাপত্তীৰক্ষী হিচাপে কৰ্মৰত আছিল মৃত বাবু দাস।

শুকুৰবাৰে ৩ বজাত ৰে’ল ষ্টেচনত সংঘটিত হোৱা এটা দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় যুৱকজনে। হায়দৰাবাদত মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ ঘূৰাই আনিবলৈ এতিয়া অসমৰ্থ হৈছে দৰিদ্ৰ পৰিয়ালটো।