আজিৰে পৰা ব্যয়বহুল হ’ল বিমান যাত্ৰা।
বিমান পৰিবহন মন্ত্ৰালয়ে ASF অৰ্থাৎ এভিয়েছন ছিকিউৰিটী মাচুলত নূন্যতম ১০ টকা বৃদ্ধি কৰিছে।
আজিৰে পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ পৰা এই পৰিমান বিহা হ’ব।
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ওপৰত ASF পৃথক পৃথক হয়।
কিমান ব্যয়বহুল হ’ল বিমান যাত্ৰা
ASFৰ হিচাপত বৰ্তমান বিমান পৰিবহন মন্ত্ৰালয়ে ঘৰুৱা যাত্ৰীৰ পৰা ১৫০ টকা সংগ্ৰহ কৰিছিল, কিন্তু আজিৰে পৰা ১৬০ টকা বিহিব লাগিব।
আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ পৰা পূৰ্বে ৪.৮৫ ডলাৰ লোৱা হৈছিল কিন্তু এতিয়াৰে পৰা ৫.২ ডলাৰ সংগ্ৰহ কৰিব।
এই মাচুলত পৃথক-পৃথক এয়াৰলাইঞ্চৰ গাইডলাইন আৰু বিমানৰ সংখ্যাৰ আধাৰত ২ৰ পৰা ৩টকাৰ পাৰ্থক্য থাকিব পাৰে।
বিমান পৰিবহন মন্ত্ৰালয়ে এবছৰ পূৰ্বে ২০১৯ৰ ৭ জুনতো ASF বৃদ্ধি কৰিছিল।
সেই সময়ত ASF ঘৰুৱা যাত্ৰীৰ বাবে ১৩০ টকাৰ পৰা বৃদ্ধি কৰি ১৫০ টকা কৰিছিল।
আনহাতে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে ৩.২ ডলাৰৰ পৰা বৃদ্ধি কৰি ৪.৮৫ ডলাৰ কৰিছিল।
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে যেতিয়া আপুনি টিকট বুকিং কৰে তেতিয়া এয়াৰলাইঞ্চে আপোনাৰ পৰা ASF চাজ কৰে আৰু চৰকাৰক জমা দিয়ে।
ASF বা PSF পেছেঞ্জাৰ ছিকিউৰিটী ফীচ, সেয়া অতিৰিক্ত শুক্ল যি যাত্ৰীসকলৰ পৰা এভিয়েছন ছিকিউৰিটী সুৰক্ষাৰ পৰিৱৰ্তে সংগ্ৰহ কৰা হয়।
এয়া বিমান টিকটৰ উপৰিও যাত্ৰীসকলে ভৰিব লাগে।
কৰ’ণা মহামাৰীৰ বাবে ২৩ মাৰ্চৰ পৰা দেশত এয়াৰলাইঞ্চ সেৱা বন্ধ হৈ পৰিছিল।
Photo Credit: siliconcanals