
CABক লৈ ৰাজ্যজুৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে প্ৰতিবাদকাৰী আছুকৰ্মীয়ে। কম্পিউটাৰকে ধৰি বহু আচবাবো ভাঙি নষ্ট কৰিলে একাংশ আছু কৰ্মীয়ে। অগপই নাগৰিকত্ব সংশোধনী বিলখন সমৰ্থন কৰাৰ পিছতে আছু কৰ্মীয়ে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰে অগপ কাৰ্যালয়।
আছু কৰ্মীৰ এই কাণ্ডৰ পিছতে উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।