কৰ’ণাৰ বিৰুদ্ধে যুঁজ; ৪কোটি টকা আৰ্থিক অনুদান বাহূবলীৰ

ভাৰততো কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ। প্ৰতিদিনেই বৃদ্ধি পাইছে মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা

0
55

কৰ’ণা ভাইৰাছৰ আতংকত বিশ্বৰ এতিয়া প্ৰতিজনেই ত্ৰাসিত। কেতিয়া এই মাৰাত্মক ভাইৰাছে প্ৰাণ কাঢ়ি ল’ব তাৰ কোনো ঠিক নাই। সকলো ভূগিছে এতিয়া প্ৰাণৰ সংশয়ত। কৰ’ণা ভাইৰাছৰ কবলত পৰিছে ভাৰতো। কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ ২১ দিনৰ লকডাউন ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

দেশৰ এই সংকটৰ সময়ত কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক অনুদান আগবঢ়াইছে দক্ষিণৰ ছবিজগতৰ তাৰকা বাহুবলী খ্যাত প্ৰভাসে। তাৰকা অভিনেতাগৰাকীয়ে ৩ কোটি টকা প্ৰধানমন্ত্ৰী ৰাষ্ট্রীয় সাহায্য কোষলৈ আগবঢ়োৱাৰ লগতে ৫০–৫০ লাখ টকা অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়। বাহুবলীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে তেওঁৰ অনুৰাগীৰ লগতে সকলো লোকেই।