27 C
Guwahati
Friday, December 3, 2021
More

    লুধিয়ানাত কৰ’ণা ভাইৰাছে প্ৰাণ ল’লে পঞ্জাৱৰ ACPৰ

    অনিল কোহলী উত্তৰ লুধিয়ানাৰ ACP আছিল আৰু তেওঁৰ পৰিয়াল বৰ্তমান কোৱাৰাণ্টাইনত আছে

    কৰ’ণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে আৰু এইপৰ্যন্ত ভাৰতত ৪৮০জন লোকৰ মৃত্যু হয়। ইয়াৰ মাজতে পঞ্জাৱৰ পৰা আহিছে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। কৰ’ণা আক্ৰান্ত এজন লুধিয়ানাৰ ACPৰ মৃত্যু ঘটে। অনিল কোহলী উত্তৰ লুধিয়ানাৰ ACP আছিল আৰু তেওঁৰ পৰিয়াল বৰ্তমান কোৱাৰাণ্টাইনত আছে। কেইদিনমান পূৰ্বে ACPৰ দেহত কৰ’ণা ভাইৰাছ আক্ৰান্ত হোৱা বুলি প্ৰকাশ হৈছিল।

    পৰিয়ালৰ সদস্যও কোৱাৰাণ্টাইন

    দৰাচলতে লকডাউনৰ সময়ত ACP শাক-পাচলিৰ মণ্ডীৰ ডিউটীত আছিল। ACPজনৰ স্বাস্থ্যৰ অৱস্থা শুকুৰবাৰৰ নিশাৰ পৰা অৱনতি ঘটিছিল। পঞ্জাৱ চৰকাৰে প্লাজমা থেৰেপীৰ জৰিয়তেও তেওঁৰ চিকিত্সা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু তাৰ আগটেই তেওঁ হেৰুৱালে প্ৰাণ। ACPজনৰ পৰিয়ালৰ কেইবাজনো সদস্যও হাস্পতালত চিকিত্সাধীন। পঞ্জাৱ পুলিচত ৩০ বছৰ কৰ্মৰত আছিল বিষয়াগৰাকী।

    আপোনাৰ জ্ঞাতাৰ্থে জনাও যে পঞ্জাৱ ৰাজস্ব বিভাগৰ বিষয়া গুৰমেল সিঙৰো বৃহস্পতিবাৰে কৰ’ণা সংক্ৰমিত হোৱাৰ কথা প্ৰকাশ পাইছিল আৰু শুকুৰবাৰে তেওঁৰ মৃত্যু ঘটিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পঞ্জাৱত কৰ’ণা ভাইৰাছ সংক্ৰমিত গুৰুদাসপুৰ নিবাসী ৬০ বছৰীয়া লোকৰ মৃত্যু ঘটিছিল। পঞ্জাৱত কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ২০২ ইয়াৰে ১৫জনকৈ অধিক লোকৰ মৃত্যু হয় আৰু ২৭ গৰাকী লোক সুস্থ হৈ উঠিছে।

    Photo credit: timesnow

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং