
বঙাইগাঁৱৰ সিদলসতী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন ৰায়। ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে বাইকত প্ৰচণ্ড জোৰে খুন্দা মাৰি মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় আছু নেতাজন৷
ইফালে দেৱাননৰ মৃত্যুৰ পিছত সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা আৰু চিৰাং জিলা ছাত্ৰ সন্থাই ছাত্ৰ নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সাতদিনীয়া শোক ঘোষণা কৰিছে ৷ এই ৭ দিন অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা ৷ ছাত্ৰ নেতাগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷

আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেবানন ৰায়ৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ দেওবাৰে বঙাইগাঁও আছুৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব নেতাগৰাকীক ৷