
অধমৰো অধমৰ দিশে দেশৰ কিছু লোক। পাহৰি গৈছে নিজে মানুহ হোৱাৰ অস্তিত্ব। জানোৱাৰ বুলিও ক’লে অপমান কৰা হ’ব নিৰ্বোধ জীৱকূলক। উচিত শব্দৰ অভাৱ এনে নাৰকীয় কাণ্ডৰ বৰ্ণনাৰ। চৰকাৰো অক্ষম হৈছে দেশৰ নাৰী আৰু শিশুৰ সুৰক্ষা দিয়াত। প্ৰতিদিনেই এটি নহয় এটি শিশু বা মহিলা সন্মুখীন হ’ব লগা হৈছে ধৰ্ষণ আৰু হত্যাৰ দৰে জঘন্য পাশৱিক কাণ্ডৰ । এইবাৰ যোগী ৰাজ্য উত্তৰপ্ৰদেশৰ আলিগড়ত নৃশংস নিৰ্যাতনৰ বলি হ’ল এটি ৬ বছৰীয়া কন্যা শিশু।
হায়দৰাবাদৰ নৃশংস দলৱদ্ধ বলাৎকাৰৰ আৰু হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ পিছতো এনে কিছু লোক আছে যাৰ আত্মা অলপো কপি নুঠে আন এটি তেনে ঘটনা কৰিবলৈ। জানিব পৰা মতে, যোৱা শনিবাৰে আলিগড়ৰ এখন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। সেই অনুষ্ঠানলৈ গৈছিল ৬ বছৰীয়া কন্যা শিশুটোও । অনুষ্ঠান চাবলৈ বিদ্যালয়ত ভিৰ কৰিছিল আন বহুতো গাঁওবাসীও। আবেলি অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো ঘৰলৈ উভতি যায় যদিও সন্ধিয়া পৰলৈকে শিশুটি উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে।
পিছত একাংশ গাঁওবাসীয়ে বিদ্যালয়ৰ সমীপৰ বনাঞ্চলত শিশুটিৰ ক্ষত বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্তত শিশুটিক বলাৎকাৰ কৰি হত্যা কৰি বুলি জানিবলৈ দিয়ে । লগতে পাষণ্ডই তাইৰে স্কুল বেল্টেৰ সহায়ত ডিঙি চেপি হত্যা কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে। দুৰ্ভগীয়া শিশু কন্যাটিৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আলিগড় থানাত ৰুজু হোৱা এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে নৰপিশাচৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ আলিগড়। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে জিলাখনৰ ৰাইজে