
এই বৰ্ষৰ চাৰি জানুৱাৰীত কলিয়াভোমোৰা দলঙৰ সমীপৰ চুলুঙত সংঘটিত হৈছিল এক অপহৰণ কাণ্ড৷ এখন বলেৰ’ পিকআপ বাহন চালকসহ লৈ উধাও হৈছিল গাড়ী চোৰ৷ তাৰ পিছত গাড়ীৰগৰাকীয়ে তেজপুৰ আৰক্ষীক তৰা গোচৰৰ ভিত্তিত জিলাখনৰ বিভিন্ন প্ৰান্তত যোৱা ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলাসহ ৫ দুধৰ্ষ গাড়ী চোৰক৷
ধৃত গাড়ী চোৰ কেইটা হৈছে – বালিপৰা খনামুখৰ মহম্মদ আজিমুদ্দিন, ঢেকিয়াজুলি মোলানপুখুৰীৰ জিন্নত আলি আৰু ঢেকিয়াজুলি জয়নগৰৰ নুৰ আহমেদ। এই তিনি চোৰৰ লগতে গ্ৰেপ্তাৰ কৰিছে তেজপুৰ কটন ৰোডৰ ৰাজেশ বাঘোৱাৰ ওৰফে মাষ্টৰ আৰু মাষ্টৰৰ পত্নী ডিমাপুৰৰ আলেব চাঙক।
শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাৰ নেতৃত্বতে চলিছিল গাড়ী চোৰৰ বিৰুদ্ধে অভিযান৷ কিন্তু এই পৰ্যন্ত কোনো এটাইও স্বীকাৰ কৰা নাই ঘটনা সম্পৰ্কে৷
আনহাতে, পতিয়ে কি কাম কৰিছে সেই বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে। ইফালে, ধৃত মহম্মদ আজিমুদ্দিন, জিন্নত আলি আৰু নুৰ আহমেদেও অনুৰূপ ধৰণেৰে অজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে শোণিতপুৰৰ আৰক্ষী অধীক্ষকে এই চক্ৰৰ আঁৰৰ এইটো জিন্নত আলি মাষ্টাৰ-মাইণ্ড বুলি উল্লেখ কৰিছে৷ আৰক্ষীয়ে চক্ৰটোৰ কবলৰ পৰা AS 25C 9416 নম্বৰৰ এখন মাৰুটি জেন জব্দ কৰাৰ লগতে ঘটনা সম্পৰ্কে অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত।