নিউজিলেণ্ডত ভাৰতীয় লোকৰ প্ৰৱেশ নিষিদ্ধ, কোনো কাৰণতে নহব প্ৰৱেশ
নিউজিলেণ্ডৰ চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে দেশ খনত। আনকি নিউজিণ্ডৰ লোকো যদি বৰ্তমানে ভাৰতত আছে সেই সকল লোকৰ বাবেই নিজৰ দেশৰ দুৱাৰ বন্ধ। কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ দিয়া নহব দেশ খনত।
কৰণাৰ পৰিপ্ৰেক্ষিততেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশ খনে। দুসপ্তাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে নিউজিলেণ্ডে। দেশখনৰ সীমান্তত ২৩টা কভিড সংক্ৰমণৰ ভিতৰত ১৭ গৰাকী ভাৰতীয় লোক ধৰা পৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে।

দেশখনৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা অৰ্ডেনে(Jacinda Ardern)এখন সংবাদ মেলত এই নিষেধাক্ষাৰ বিষয়ে সদৰি কৰে। অহা ১১ এপ্ৰিল দেওবাৰৰ বিয়লিৰ পৰা কাৰ্যকৰী হৈ ২৮ এপ্ৰিললৈকে এই নিষেধাজ্ঞা হ’ব বুলি কোৱা হৈছে।
আৰু পঢ়ক : আমিনগাঁৱত জব্দ প্ৰায় ৫ লাখ টকাৰ বিলাতী সুৰা! আটক মনিষ কুমাৰ