কেলিফৰ্ণিয়াত নৱবৰ্ষ উদযাপন অনুষ্ঠানত গুলীচালনাৰ ঘটনা ! নিহত ১০

0
34

কেলিফৰ্ণিয়াত নৱবৰ্ষ উদযাপন অনুষ্ঠানত গুলীচালনাৰ ঘটনা ! নিহত ১০

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত চীনা নৱবৰ্ষ উদযাপনৰ সময়ত এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। কেলিফৰ্ণিয়াৰ মণ্টেৰী পাৰ্কত চীনা নৱবৰ্ষ উদযাপনৰ সময়ত কমেও ১০ জন লোকক গুলীয়াই হত্যা কৰা হৈছে। একে সময়তে ১৬ জন লোক আহত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে লছ এঞ্জেলছৰ ওচৰৰ মণ্টেৰী পাৰ্কত এটা ভয়ংকৰ গুলীচালনাৰ ঘটনা হৈছিল। দৰাচলতে চীনা নৱবৰ্ষ উপলক্ষে তাত ওচৰৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক সমবেত হৈছিল। তেতিয়া এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাত কমেও ১০ জন লোক নিহত আৰু ১৬ জন আহত হৈছিল।স্থানীয় সময় অনুসৰি শনিবাৰে নিশা প্ৰায় ১০ মান বজাত মণ্টেৰী পাৰ্কত সংঘটিত গুলীচালনাৰ ঘটনাৰ সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্বৃত্ত আৰু আৰক্ষীৰ গুলীয়াগুলী হয়। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।