
চাফাই কৰাৰ সময়ত আমাৰ প্ৰায়েই এনেকুৱা হয় যে আমাৰ প্ৰয়োজনীয় বা মূল্যবান সামগ্ৰী ভুলতে জাৱৰৰ সৈতে গুচি যায় আৰু পিছত সেইটো আমি অনুশোচনা কৰো।
এনেধৰণৰ এটা ঘটনা মহাৰাষ্ট্ৰৰ পৰা পোহৰলৈ আহিছে। য’ত এগৰাকী মহিলাই দীপাৱলীৰ চাফ-চিকুণ কৰাৰ সময়ত জাৱৰৰ সৈতে নিজৰ আ-অলংকাৰভৰ্তি এটা বেগো জাৱৰৰ দমত দি দিয়ে।
কিন্তু এই ঘটনাটোৰ অন্তত মহিলাগৰাকীৰ সৈতে সংঘটিত হয় এটা ভাল ঘটনা। আহক জানো সম্পূৰ্ণ ঘটনাটো।
চাফ-চিকুণ কৰোতে পালে বেগ
দৰাচলতে পিম্প্ৰী চিঞ্চবৰৰ মোহছী ডাম্পিং গ্ৰাউণ্ডত চাফাই কৰি থকা হৈছিল। সেই সময়তে হেমন্ত লখন নামৰ এগৰাকী লোকে চাফাই কৰি থাকোতে পালে এটা বেগ।
কৰ্মজাৰীজনে যেতিয়াই বেগ খুলিলে তেতিয়াই আচৰিত হৈ উঠে।
সেই বেগটোত লাখ টকাৰ সোণৰ চেইন আৰু কেইটামান আঙঠি আছিল।
কিন্তু সৌবাগ্যক্ৰমে সেই বেগটোত মহিলাগৰাকীৰ ঘৰৰ ঠিকনা পালে।
কৰ্মচাৰীজনে নিজৰ সততাক প্ৰমাণ দি নিজৰ জ্যোষ্ঠ বিষয়াসকলক এই বিষয়ে ক’লে।
অপ্ৰয়োজনীয় বুলি ভাবি জাৱৰত পেলালে বেগ
ইফালে মহিলাগৰাকীয়ে যেতিয়াই জানিব পাৰিলে যে তেওঁ ভুলতে অলংকাৰভৰ্তি বেগটো জাৱৰত পেলাই দিছিল তেতিয়া তেওঁ আচৰিত হৈ উঠে।
মহিলাগৰাকীয়ে সময় নষ্ট নকৰাকৈ ডাম্পিং গ্ৰাউণ্ডত যায় আৰু কৰ্মচাৰীজনৰ পৰা বেগটো উদ্ধাৰ কৰে।
মহিলাগৰাকীয়ে ক’লে যে এদিন পূৰ্বে গাঁৱৰ পৰা উভিতিছিল আৰু ঘৰ চাফা কৰাৰ সময়ত তেওঁ এটা পুৰণি বেগ পালে, আৰু তেওঁ বেগটো অপ্ৰয়োজনীয় বুলি ভাবি পেলাই দিলে।
কৰ্মচাৰীজনে ক’লে মনটোৱে সন্তুষ্টি লাভ কৰিছে
বেগটো পোৱাৰ লগে লগে মহিলাগৰাকী আবেগিক হৈ উঠে আৰু সেই কৰ্মচাৰীজনক ধন্যবাদ জ্ঞাপন কৰে।
মহিলাগৰাকীয়ে ক’লে যে এই অলংকাৰখিনি নিজৰ বোৱাৰীৰ কাৰণে বনাইছিল।
এই সম্পূৰ্ণ ঘটনাটোৰ পিছত কৰ্মচাৰীজনে ক’লে মহিলাগৰাকীক বেগটো উভতাই মনত সন্তুষ্টি লাভ কৰিছে।
Photo Credit: Google