
তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিত চাঞ্চল্যকৰ ঘটনা। কৰ্দৈগুৰিৰ অজিত গগৈ নামৰ এজন ব্যক্তিক বিচাৰি অহা ১০/১২ জনীয়া অস্ত্ৰধাৰী দলে মঙ্গলবাৰে নিশা চলালে সন্ত্ৰাস। কৰ্দৈগুৰিৰ ১ নং নতুন হাতীহাল গাঁৱত সংঘটিত হৈছে এই ঘটনা। ধন-সোণ লুট কৰি নিলে দলটোৱে। গাঁৱখনৰ তিনিটাকৈ ঘৰত লুটপাত চলাই অস্ত্ৰধাৰী দলটোৱে।

আলফাৰ নাম লৈ চলাইছে এই সন্ত্ৰাস। হিন্দী চিনেমাৰ কায়দাৰে এজনৰ পাছত আনজনক বন্দুক দেখুৱাই লুটপাট। ঘটনাক লৈ এতিয়া আতংকিত স্থানীয় ৰাইজ। মহিলা আৰুু বৃদ্ধাৰ পেটত গোৰ মাৰি অত্যাচাৰ দলটোৰ। অস্ত্ৰধাৰী দলটো আলফা (স্বা:) ৰ হ’য় নে ন’হয় সেয়া স্পষ্ট কৰিবলৈ পৰেশ বৰুৱালৈ আহ্বান গাঁৱবাসীৰ।