আজিৰে পৰা মহানগৰীত মুকলি হ’ল নতুন ট্ৰেফিক ছিগনেল

0
1300

আজিৰে পৰা মহানগৰীত মুকলি হ’ল নতুন ট্ৰেফিক ছিগনেল। ইয়াৰ ফলত আজিৰে পৰা মহানগৰীত সক্ৰিয় হৈ পৰিব ৯৪টা ITMS.

ITMSত সংযুক্ত অত্যাধুনিক কেমেৰা আৰু সা–সুবিধা। ট্ৰেফিক ছিগনেল সংস্থাপনত মুঠ ব্যয় হৈছে ৭৮ কোটি টকা।

মহানগৰীৰ উলুবাৰীত থাকিব ইয়াৰ নিয়ন্ত্ৰণ কক্ষ।

পাছে কিদৰে কাম কৰিব এই নতুন ট্ৰেফিক ব্যৱস্থাই :

-ৰেড লাইট উলংঘা ধৰা পেলাব,

-হেলমেট নিপিন্ধিলে ধৰা পেলাব

-ট্ৰিপল ৰাইডিং ডিটেকচন চিষ্টেম

-ফোনত কথা পাতি বাহন চলালে ধৰা পেলাব

-ছিট বেল্ট নিপিন্ধিলেও ধৰা পেলাব

ছিগনেলত থাকিব এই CCTV কেমেৰা। ১০০০ৰ অধিক CCTV কেমেৰা থাকিব এই ব্যৱস্থাত।

ট্ৰেফিক নিৰীক্ষণ কৰিবলৈ সংস্থাপন কৰা হৈছে কেমেৰা আৰু ছেন্সৰ। CCTV কেমেৰাত সমগ্ৰ যান-জঁট আৰু পথৰ দৃশ্য সংগ্ৰহ হ’ব।

মাটিত এটা কেমেৰা স্থাপন কৰা হ’ব বাহনসমূহৰ সন্মুখভাগ আৰু নম্বৰ প্লেট চিনাক্ত কৰাৰ বাবে।

ছেন্সৰে চিনাক্ত কৰিব ট্ৰেফিক নিয়ম উলংঘাকাৰীক। ছেন্সৰৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে ই-চালান সৃষ্টি হ’ব।