15 C
Guwahati
Saturday, January 22, 2022
More

    অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন SOP প্ৰকাশ, কি কি নিৰ্দেশনা আছে SOP-ত?

    অ’মিক্ৰণক লৈ নতুন এছ অ’ পি জাৰি কৰিছে ৰাজ্য চৰকাৰে।

    ৰাজ্য চৰকাৰৰ শেহতীয়া এছ অ’ পি অনুসৰি বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

    ইপিনে, বিদেশৰ পৰা অহা লোক সকলৰ বিমান বন্দৰত আৰ টি পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

    এছ অ’ পিৰ নিৰ্দেশনা অনুসৰি বিমানবন্দৰত বিদেশৰ পৰা অহা লোকৰ ক’ভিড ফলাফল নিগেটিভ হ’লেও সাত দিন বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগিব।

    অৱশ্যে পাঁচ বছৰৰ তলৰ শিশুক আৰ টি-পিচিআৰ টেষ্টৰ পৰা ৰেহাই দিয়া হৈছে কিন্তু শিশু সকলৰ শৰীৰত ক’ভিডৰ লক্ষণ দেখা দিলে তেওঁলোকৰো আৰ টি-পিচিআৰ পৰীক্ষা কৰা হ’ব।

    অ’মিক্ৰণক লৈ শেহতীয়াভাৱে জাৰি কৰা এছ অ’ পি অনুসৰি আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে অসম চৰকাৰক ৭২ ঘণ্টা পূৰ্বৰ নিগেটিভ আৰ টি-পিচিআৰ পৰীক্ষাৰ ৰিপোৰ্ট দিয়াৰ লগতে ভেকচিনেশ্যন চাৰ্টিফিকেটো দিব লাগিব।

    ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলে কোনখন দেশৰ পৰা আহিছে, ক’লৈ যাব, বিমান যাত্ৰাৰ সময়ত বিমান নম্বৰ, আসনৰ নম্বৰৰ লগতে অন্যান্য বিভিন্ন তথ্য অসম চৰকাৰক প্ৰদান কৰিব লাগিব।

    বিভাগীয় ৱেবচাইটলৈ গৈ আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলে এই তথ্য সমূহ যোগান ধৰিব লাগিব।

    আৰু পঢ়ক : ওমিক্ৰণৰ সংক্ৰমণ, আমেৰিকা ভ্ৰমণৰ বাবে কি নতুন নিয়মৰ নিৰ্দেশনা?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং