25 C
Guwahati
Wednesday, October 20, 2021
More

    মুকলি হ’ল লোকসভা আৰু ৰাজ্যসভা টিভিক একেলগ কৰি নতুন ‘সংসদ টিভি’

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বুধবাৰে “সংসদ টিভি” নামৰ নতুন টেলিভিশ্যন চেনেল এটা আনুষ্ঠানিকভাৱে মুকলি কৰে।

    পূৰ্বৰ দুটা সংসদীয় চেনেল ৰাজ্যসভা টিভি আৰু লোকসভা টিভিক একেলগ কৰি সংসদ টিভিক নতুন ৰূপত মুকলি কৰা হৈছে।

    অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবি কাপুৰক সংসদ টিভিৰ নতুন মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

    জ্যেষ্ঠ কংগ্ৰেছী নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেৱৰয়, নীতি আয়োগৰ মুখ্য কাৰ্য্যবাহী বিষয়া অমিতাভ কান্ত আৰু আইনজ্ঞ হেমন্ত বাত্ৰাই নতুন সংসদ টিভিত পৃথকে পৃথকে অনুষ্ঠান পৰিচালনা কৰিব।

    সংসদ টিভিয়ে দেশৰ শ্ৰোতা-দৰ্শক সকলকক উচ্চ-মাণদণ্ডৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খবৰৰ যোগান ধৰিবলৈ সক্ষম হ’ব বুলি এগৰাকী বিষয়াই উল্লেখ কৰে।

    নতুন সংসদ টিভিত তথ্যভিত্তিক খবৰৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন চলি থকা সময়ত দুয়োখন সদনৰ কাম-কাজৰ পোনপতীয়া সম্প্ৰচাৰণ কৰিব।

    আৰু পঢ়ক : ঘোষণা হ’ল দুৰ্গা পূজা সম্পৰ্কীয় নতুন SOP, কি কি নতুন নিয়ম….

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং